প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত কাজিৰঙাৰ প্ৰসঙ্গঃ ক’লে, ‘গঁড়েই নহয়, কাজিৰঙাত আছে…’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ মন কি বাত অনুষ্ঠানত বিশেষভাৱে স্থান লাভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসঙ্গই। অনুষ্ঠানত তেওঁ বনবিভাগে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলোৱা এক জৰীপৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত কাজিৰঙাৰ প্ৰসঙ্গঃ ক’লে, ‘গঁড়েই নহয়, কাজিৰঙাত আছে...’

প্ৰধানমন্ত্ৰী মোদী

Updated On: 

27 Jul 2025 19:28 PM

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰাৰ পিছৰে পৰামন কি বাতঅনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি আহিছে নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানৰ ৭১ সংখ্যক খণ্ডৰ জৰিয়তে পুনৰবাৰ দেশবাসীক সম্বোধন কৰে আজিৰ এই খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণত বিশেষভাৱে স্থান লাভ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰসঙ্গই। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ মন কি বাত খণ্ডত বহুকেইটা বিষয়ৰ ওপৰত বাখ্যা আগবঢ়ায় অনুষ্ঠানৰ মাজতে তেওঁ বনবিভাগে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলোৱা এক জৰীপৰ কথা উল্লেখ কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত কয় যে আমাৰ আশেপাশে কোন কোন প্ৰজাতিৰ চৰাই থাকে, সেয়া জনাটো যথেষ্ট আগ্ৰহৰ কথা এই প্ৰসঙ্গতে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ বনবিভাগে চলোৱা জৰীপৰ কথা অৱগত কৰে তেওঁ কয় যে কাজিৰঙা সাধাৰণিতে গঁড়ৰ বাবে বিখ্যাত কিন্তু এইবাৰ কাজিৰঙাৰ তৃণভূমি আৰু ইয়াত থকা পক্ষী আলোচনাৰ বিষয় হৈ পৰিছে বুলি তেওঁ কয়

কাজিৰঙাত এইবাৰ প্ৰথমবাৰৰ বাবে তৃণভূমি পক্ষীৰ জৰীপ চলোৱা হৈছিল আৰু এই জৰীপত ৪৩ বিধ প্ৰজাতিৰ বিশেষ চৰাই পোৱা গৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে সদৰী কৰে এই পক্ষী প্ৰজাতিসমূহৰ চিনাক্তকৰণত আধুনিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও তেওঁ দোহাৰে জৰীপৰ সময়ত শব্দ ৰেকৰ্ড কৰা যন্ত্ৰৰ সহায়ত পক্ষীৰ মাত বন্দী কৰে আৰু কম্পিউটাৰত এই পক্ষীৰ মাত AI সহায়ত বিশ্লেষণ কৰে

এইদৰে কেৱল মাতৰ দ্বাৰাই চৰাইসমূহৰ চিনাক্ত কৰা হয় বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে এইদৰে প্ৰযুক্তি আৰু সংবেদনশীলতাৰ সংমিশ্ৰণত প্ৰকৃতিক বুজি পোৱা সহজ আৰু গভীৰ হৈ পৰে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মত প্ৰকাশ কৰে জৈৱ-বৈচিত্ৰ্যৰ সৈতে চিনাকি হোৱাৰ উদ্দেশ্যে তথা যুৱ প্ৰজন্মক জৈৱ-বৈচিত্ৰ্যৰ সৈতে সংযোজিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপক উদগণি জনোৱা উচিত বুলিও তেওঁ লগতে দোহাৰে

 

 

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাতত কাজিৰঙা সন্দৰ্ভত উল্লেখ কৰা তথ্যৰ বিষয়ে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে সদৰী কৰে। প্ৰযুক্তিৰ সৈতে সংপৃক্ত হোৱা মানুহৰ দৃঢ়তাই কাজিৰঙাৰ প্ৰথম ‘তৃণভূমিৰ চৰাই জৰীপ’ক সম্ভৱ কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্টটোত কয়।

তেওঁ লিখিছে, “মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি তেখেতৰ ‘মন কি বাত’ত অতুল্য কাজিৰঙাৰ সৌন্দৰ্যৰ বিষয়ে ব্যক্ত কৰি কাজিৰঙাত বিপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান সম্পৰ্কে উল্লেখ কৰে৷ এই সমীক্ষাৰ শলাগ লৈ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অসমে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে ৰাষ্ট্ৰজুৰি প্ৰচাৰ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ অযুত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷”

ব্ৰেকফাষ্ট নকৰাকৈয়ে আৰম্ভ কৰে নেকি দিনটো? সাৱধান, এই ভুলৰ ফলত দেহত হ’ব পাৰে ৫টা চিন্তনীয় সমস্যা
কৰ্মস্থলীত কেনেকৈ সক্ৰিয় হৈ থাকিব পাৰি? অফিচৰ সময়ত অহা টোপনিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানক
চিংৰা দেখিলেই ওলায় লোভৰ পানী, পিছে লোভ সম্বৰণ নকৰিলেই এইসকল লোকৰ হ’ব বিপদ
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...