জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি অপেক্ষাৰত সকলো, বন্ধু জুবিনক সুঁৱৰি পাপনেও জনালে এনে আহ্বান
বন্ধু জুবিনৰ মৃত্যুৰ পিছতে মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল পাপন। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো উপস্থিত থাকে পাপন। ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দাবী সোচ্চাৰ হৈছে সকলো। বন্ধু জুবিনৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্ত বিচাৰি পাপনেও এতিয়া চৰকাৰৰ ওচৰত আবেদন জনাইছে।

জুবিনৰ তদন্ত সন্দৰ্ভত পাপনৰ বিশেষ আহ্বান
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে এতিয়াও জোকাৰি ৰাখিছে সকলোকে। সমগ্ৰ দেশতে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে লাভ কৰিছে চৰ্চা। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসমত সৃষ্টি হয় এক অভূতপূৰ্ব পৰিস্থিতিৰ। হিয়াৰ আমঠু স্বৰূপ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে প্ৰায় স্তব্ধ হৈ পৰে ৰাজ্যৰ জনজীৱন। ইফালে তেওঁৰ মৃত্যু ক্ৰমাৎ ৰহস্যঘন হৈ পৰাৰ পিছতে তদন্তৰ ঘোষণা কৰা হয়। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্ত অব্যাহত ৰখাৰ আশ্বাস প্ৰদান কৰিছে।
এই গোচৰত ইতিমধ্যে জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক জেৰা কৰিছে চি আইডিয়ে। তেওঁৰ লগতে সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু অভিনেত্ৰী নিশিতা গোস্বামীকো জেৰা চলোৱা হৈছে। আনহাতে আন দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়াও তদন্তৰ বাবে হাজিৰ হোৱা নাই।
প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত প্ৰতিজন লোকেই শোকত ভাগি পৰিছে। শোকাহত হৈছে ৰাজ্যৰ লগতে দেশৰ সংগীত জগতৰ আন এক তাৰকা পাপন। জুবিন আৰু পাপনৰ বন্ধুত্ব প্ৰতিজন লোকৰে জ্ঞাত। বন্ধু জুবিনৰ মৃত্যুৰ পিছতে মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল পাপন। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো উপস্থিত থাকে পাপন।
ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দাবী সোচ্চাৰ হৈছে সকলো। বন্ধু জুবিনৰ মৃত্যুৰ গোচৰৰ সঠিক তদন্ত বিচাৰি পাপনেও এতিয়া চৰকাৰৰ ওচৰত আবেদন জনাইছে। নিজা ফেচবুক একাউণ্ট যোগে পাপনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আহ্বানেৰে শেহতীয়াকৈ এক বিশেষ পোষ্ট কৰিছে।
পাপনে লিখিছে, ‘মই তোমাক বহুত মিছ কৰো ভাই। য’তেই নাথাকা কিয়, ভালে থাকা। অনুৰোধ জনাইছো, তদন্ত আৰু তীব্ৰ গতিত হওক, আৰু আমি বিচৰা প্ৰশ্নবোৰৰ উত্তৰবোৰ অতি সোনকালেই পাওঁ।” জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাৰ সময়তো পাপনে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰিছিল।