পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা, দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া…

Panchayat Election Date: অৱশেষত ঘোষণা হ'ল ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দিন। আগন্তুত মে' মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচনী আয়োগে কৰে ঘোষণা।

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা, দুটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ প্ৰক্ৰিয়া...

নিৰ্বাচন( প্ৰতীকি ফটো)

Published: 

02 Apr 2025 17:43 PM

অৱশেষত ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে জনাই যে, এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব নামনি অসমত। ইয়াৰোপৰি এইবাৰ বেলট পেপাৰৰ যোগেদি সম্পন্ন হ’ব ভোটদান প্ৰক্ৰিয়া।

ৰাজ্যিক নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি, এইবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব।  এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল  কৰিব পাৰিব আৰু ১১ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। তাৰ পাছতে অনুষ্ঠিত হ’ব নিৰ্বাচন। লগতে ভোট গণনা  অনুষ্ঠিত হ’ব ১১ মে’ত।

আয়োগে জনাই যে, নিৰ্বাচনৰ দিনটোত ভোটিঙৰ  হাৰ অনলাইনৰ যোগেদি জানিব পাৰিব। কোনটো বেলট বক্স ক’ত যাব আদি সকলো কথা অনলাইনৰ জৰিয়তে জানিব পাৰিব। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি  ৩.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।  নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। অৱশ্যে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাই নিৰ্বাচনী আয়োগে।

উল্লেখ্য যে,  পূৰ্বতকৈ এইবাৰ পৃথক পদ্ধতিত ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন। এইবাৰ নিৰ্বাচনত প্ৰাৰ্থীৰ বাবে কোনো দলীয় চিহ্ন নাথাকে। ইয়াৰোপৰি পঞ্চায়তৰ সভাপতিৰ বাবে কোনো প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত নহয়। পঞ্চায়তৰ বাবে নিৰ্বাচিত হোৱা সদস্যই সভাপতি বাছনি কৰিব।

পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে সাজু হৈছে দল-সংগঠন। এই নিৰ্বাচনৰ ওপৰতে আগন্তুক বিধানসভা নিৰ্বাচনৰ গতি বহু পৰিমাণে নিৰ্ভৰ কৰিব। এক কথাত, বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ বাবে এয়া এক অগ্নিপৰীক্ষা। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে আগন্তুক বিধানসভা নিৰ্বাচনত যথেষ্ঠ প্ৰভাৱ পেলাব। শাসকীয় বিজেপিয়ে নিজৰ স্থিতিত অটল থাকি আকৌ এবাৰ অসম শাসন কৰাৰ চেষ্টা অব্যাহত ৰখাৰ মাজতে বিৰোধী দলসমূহেও নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিৰোধী দলসমূহ একত্ৰিত হৈ শাসকীয় পক্ষত উফৰাব চেষ্টা কৰিলেও ৰাজ্যত বিৰোধী দলৰ স্থিতি সবল বুলি ক’ব নোৱাৰি।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল, কিয় এই সিদ্ধান্ত?

Related Stories
পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক
সেই ৪ খন যুদ্ধ! য’ত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে…
উঃমাঃ পৰীক্ষাৰ ফলাফলৰ পৰা জাতিগত লোকপিয়ললৈ, আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?
‘নাৰী বিদ্বেষী তথা অপমানজনক’, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...