Morning News: দেশ-ৰাজ্যৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, থোৰতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

সম্প্ৰতি লণ্ডন ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে।

Morning News: দেশ-ৰাজ্যৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, থোৰতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত...

পুৱাৰ মুখ্য খবৰ

Updated On: 

18 Nov 2025 | 08:09 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটীৰ ভৰলুমুখত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে দুজন লোক ভাড়াঘৰৰ কোঠাত কন্যাৰ জন্মদিন উপলক্ষে অনুষ্ঠানৰ যো-জা কৰি থকাৰ সময়তে এই ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱায় দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী নামৰ দম্পতীহালে
  2. সম্প্ৰতি লণ্ডন ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব নিজা সামাজিক মাধ্যম একাউণ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে
  3. আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাজ্যত আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই ৰোগৰ বাবে ৰাজ্যৰ ৭খন জিলা ক্ৰমে গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, কামৰূপ, লখিমপুৰ আৰু দৰঙত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰা হৈছে।
  4. যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণে কঁপাইছিল দেশ এই বিস্ফোৰণৰ পিছৰে পৰা বন্ধ কৰি দিয়া হৈছিল লালকিল্লা দেওবাৰে পুনৰ পৰ্যটকৰ বাবে লালকিল্লা মুকলি কৰি দিয়া হয়
  5. শীঘ্ৰেই বিহাৰত নতুন চৰকাৰ গঠন কৰিব এন ডি এই আজি বিহাৰৰ বিদায়ী নীতিশ কুমাৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত ইয়াৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপালক সাক্ষাৎ কৰিব অহা ১৯ বা ২০ নৱেম্বৰত বিহাৰৰ নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা আছে
  6. লালকিল্লা বিস্ফোৰণৰ গোচৰত NIA আত্মঘাতী বোমাৰু উমৰ উন নবীৰৰ এক সহযোগীক গ্ৰেপ্তাৰ কৰিছে আমিৰ ৰছিদ আলী নামৰ এই অভিযুক্তক দিল্লীত গ্ৰেপ্তাৰ কৰা হয় বিস্ফোৰণত ব্যৱহৃত বাহনখন জম্মু-কাশ্মীৰৰ চাম্বোৰাৰ নিবাসী আমিৰৰ নামত পঞ্জীয়ন আছিল
  7. দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ইডেন গাৰ্ডেন টেষ্টত শোচনীয় পৰাজয় ভাৰতৰ মাত্ৰ আঢ়ৈ দিনতে সামৰণি পৰা মেচখনত ভাৰতে ১২৪ ৰান সহজ লক্ষ্য লাভ কৰাৰ পিছতো ৩০ ৰানত পৰাস্ত হয় এই জয়েৰে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ টেষ্ট শৃংখলাত ০ৰ অগ্ৰগতি লাভ কৰিছে
  8. ডোহাত চলি থকা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৫ত কালি এক গ্ৰুপ মেচত পাকিস্তান দলৰ হাতত পৰাস্ত হয় ভাৰত মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে মাত্ ১৩৬ ৰান সংগ্ৰহ কৰাৰ পিছত পাকিস্তানে মাত্ৰ ১৩. অভাৰতে উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...