নিৰ্বাচনৰ পূৰ্বে জয়ৰ দিশে NDAৰ প্ৰাৰ্থী, কেনেদৰে চলিছে পঞ্চায়ত নিৰ্বাচনৰ অংক?

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই কেইবাটাও জিলা পৰিষদত NDAৰ বিজয় নিশ্চিত হৈ পৰিছে। দৰঙৰ ৰঙামাটি, হাজৰিকাপাৰা-কুৰুৱাত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ৰ দিশে বিজেপি ।বৰপেটাৰ হাউলী, হোজাইৰ কাকী জিলা পৰিষদতো বিজেপিৰ জয় নিশ্চিত হৈছে। চাৰি জিলা পৰিষদত বিজেপিৰ বিৰুদ্ধে মনোয়ন দিয়া নাই কোনো প্রার্থীয়ে ।

নিৰ্বাচনৰ পূৰ্বে জয়ৰ দিশে NDAৰ প্ৰাৰ্থী, কেনেদৰে চলিছে পঞ্চায়ত নিৰ্বাচনৰ অংক?

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি

Updated On: 

12 Apr 2025 14:15 PM

পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। তুংগত উঠিছে শাসক বিৰোধীৰ বাকযুদ্ধ। নিৰ্বাচন কেন্দ্ৰ কৰি ঠায়ে ঠায়ে চলিছে টিকট কেন্দ্ৰিক সংঘাত। কেইবাটাও পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ৰ দিশে NDAৰ প্ৰাৰ্থী। ইতিমধ্যে সমাপ্ত হৈছে মনোনয়ন দাখিল পৰ্ব।

বাজপেয়ী ভৱনত পঞ্চায়ত নিৰ্বাচনক লৈ বাঢ়িছে তৎপৰতা। বিজেপিৰ নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ বৈঠক বাজপেয়ী ভৱনত। এই বৈঠকত হয় উপস্থিত সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ূষ হাজৰিকা। কংগ্ৰেছৰ অন্তঃকন্দলক কটাক্ষ মন্ত্ৰী পীযূষ হাজৰিকাৰ। কংগ্ৰেছৰ অন্তঃকন্দলক কটাক্ষ মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘ধন লৈ টিকট দিয়াতো কংগ্ৰেছৰ পুৰণি পৰম্পৰা’ ‘ধনৰ বিনিময়ত কংগ্রেছে প্রার্থিত্ব দিছে’ । তেওঁ লগতে কয়, ‘অসমৰ ৰাজনীতিত প্ৰদ্যুৎ বৰদলৈয়ে নিজক গংগাৰ পানীৰ দৰে পবিত্ৰ বুলি ভাবে। মিনাৰেল ৱাটাৰতকৈও শুদ্ধ প্ৰদ্যুৎ বৰদলৈ।’

ইফালে নিৰ্বাচনৰ পূৰ্বে কেইবাটাও জিলা পৰিষদত NDAৰ বিজয় নিশ্চিত হৈ পৰিছে। দৰঙৰ ৰঙামাটি, হাজৰিকাপাৰা-কুৰুৱাত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ৰ দিশে বিজেপি ।বৰপেটাৰ হাউলী, হোজাইৰ কাকী জিলা পৰিষদতো বিজেপিৰ জয় নিশ্চিত হৈছে। চাৰি জিলা পৰিষদত বিজেপিৰ বিৰুদ্ধে মনোয়ন দিয়া নাই প্রার্থীয়ে । শুকুৰবাৰে আছিল মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ।ৰাভা হাছঙতো বিনা প্রতিদ্বন্দ্বিতাৰে জয়ৰ দিশে NDAৰ প্রার্থী । ৰাভা হাছঙৰ দ্বাৰকাত NDAৰ প্ৰাৰ্থীৰ বিপৰীতে নহ’ল মনোনয়ন দাখিল । ঢালিগাঁও জিলা পৰিষদত বিনা প্রতিদ্বন্দ্বিতাৰে জয়ৰ দিশে NDA।

এইবোৰৰ মাজতে টিংখঙৰ আঞ্চলিক পঞ্চায়তত সংঘটিত হৈছে নাভূত-নাশ্ৰুত কাণ্ড। মহিলাৰ বাবে সংৰক্ষিত আঞ্চলিক পঞ্চায়তৰ আসনত পুৰুষক প্রার্থিত্ব প্ৰদান কংগ্ৰেছ-AJPৰ। ইয়াৰ পৰিণতিতে বিনাপ্রতিদ্বন্দ্বিতাৰে জয়ৰ দিশে আগবাঢ়িছে NDAৰ প্ৰাৰ্থী অগপৰ পূৰ্ণিমা চৰেণ। দিল্লীবাৰী চপাতলী আঞ্চলিক পঞ্চায়ত আছিল মহিলাৰ বাবে সংৰক্ষিত কংগ্রেছ-AJP-এ প্রক্ষেপ কৰিলে পুৰুষ প্ৰাৰ্থী প্রদীপ গগৈক। কামৰূপ জিলাৰ দুই ZPCত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি। ৮ নং বেকেলী জিলা পৰিষদত জয়ী বিজেপিৰ দেৱজ্যোতি ৰাভা। ১ নং পঞ্চতীৰ্থ হাজো জিলা পৰিষদত জয়ী ৰীতা তালুকদাৰ। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰহা আঞ্চলিক পঞ্চায়তৰ ২ বিজেপি প্ৰাৰ্থী।

ইফালে পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০গৰাকী ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ। তালিকাৰ শীৰ্ষত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। দ্বিতীয় স্থানত আছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নাম। আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে ৪০গৰাকীৰ নাম।

২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি  ৩.৩০ বজালৈ  অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।  এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল  কৰিব পাৰিব। ১১ এপ্ৰিলত পৰীক্ষা কৰা হ’ব মনোনয়ন পত্ৰ । প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰকাশ কৰা তাৰিখ হৈছে ১২ এপ্ৰিল ২০২৫।  মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা তাৰিখ হৈছে ১৭ এপ্ৰিল ২০২৫। তাৰ পাছতে অনুষ্ঠিত হ’ব নিৰ্বাচন। ১১ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোট গণনা । এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা প্ৰায় ৯০ লাখ আৰু মহিলা ভোটাৰ আছে প্ৰায় ৮৯ লাখ। এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাই নিৰ্বাচনী আয়োগে।

Vastu Tips: আপোনাৰ ভাগ্য সলনি কৰি দিব মাথোঁ এই ৫টা বাস্তু নিয়মে !
ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ