সোণাপুৰৰ মে’ফেয়াৰ ৰিজ’ৰ্টত বস্ত্ৰৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, অনাগত দিনত এই সন্মিলনে যোগেৰে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব।

সোণাপুৰৰ মে’ফেয়াৰ ৰিজ’ৰ্টত বস্ত্ৰৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন
Edited By: 

Barasha Misra | Updated On: 08 Jan 2026 | 06:08 PM

সোণাপুৰত বস্ত্ৰ বিভাগৰ ৰাষ্ট্ৰীয় সন্মিলন। মে’ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাষ্ট্ৰীয় সন্মিলনত  হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিঙে।

এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিয়ে। অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন। ৮ আৰু ৯ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলন। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘অনাগত দিনত এই সন্মিলনে যোগেৰে দেশৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সপোন পূৰণৰ বাবে কিদৰে আগবাঢ়িম তাৰ কাম আৰম্ভ হৈছে। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে কেনেকৈ আগবাঢ়িব তাৰ ৰূপৰেখা তৈয়াৰ কৰা হ’ব।’

ইফালে মন্ত্ৰী গিৰিৰাজ সিঙে সাংবাদিকৰে হোৱা বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলায়। তেওঁ কয়, কংগ্ৰেছৰ দিনত সংস্থাপিত কৰা বাংলাদেশীক বিজেপিয়ে উচ্ছেদ কৰি ৰাজ্যখনক আগবঢ়াই নিছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব