ডেৰ বছৰ ধৰি কুকুৰৰ লগত অপকৰ্ম! গ্ৰেপ্তাৰ নাৰায়ন দাস, ভাইৰেল ভিডিঅ’ৰ পাছতে চাঞ্চল্য…

ৰাজ্য জোকাৰি যোৱা এক জঘন্য ঘটনা। কুকুৰ সৈতে অপকৰ্ম কৰি গ্ৰেপ্তাৰ এজন লোক। মৰিগাঁৱৰ পৰা আৰক্ষীয়ে নাৰায়ন দাস নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ঘৰৰ পৰা ৩ টা কুকুৰ উদ্ধাৰ কৰিছে।

ডেৰ বছৰ ধৰি কুকুৰৰ লগত অপকৰ্ম! গ্ৰেপ্তাৰ নাৰায়ন দাস, ভাইৰেল ভিডিঅৰ পাছতে চাঞ্চল্য...

নাৰায়ন দাস

Published: 

06 May 2025 12:58 PM

নীচ, জঘন্য, বৰ্বৰ! কিমান নিৰ্লজ্জ হ’লে এজন মানুহে এটা কুকুৰৰ লগত অপকৰ্ম কৰিব পাৰে? শুনিবলৈ আচৰিত হ’লেও এই কথাই সঁচা। অসমৰ মৰিগাঁও জিলাত কুকুৰৰ লগত অপকৰ্ম কৰি গ্ৰেপ্তাৰ গৈছে নাৰায়ন দাস নামৰ এজন লোক। কুকুৰক প্ৰভুভক্ত বুলি কোৱা হয়। আজিৰ সময়ত প্ৰায় সকলোৱে কুকুৰ পোহে। তেনে অৱস্থাত নাৰায়ন দাস নামৰ পাষাণজনৰ কাণ্ডই কুলষিত কৰি তুলিছে সমাজত। এই ঘটনাৰ পাছতে সচেতন লোকৰ চকু কঁপালত উঠিছে, প্ৰশ্ন উত্থাপন হৈছে এই ৰাজ্যত মানুহ বাদেই কুকুৰো সুৰক্ষিত নহয় নেকি?

অভিযোগ অনুসৰি, মৰিগাঁও জিলাৰ নাৰায়ন দাস নামৰ লোকজনে প্ৰায় ডেৰ বছৰ ধৰি লেব্ৰাডৰৰ মাইকী কুকুৰ তিনিটাৰ লগত অস্বাভাৱিক শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল। ইতিমধ্যে এই ঘটনাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দাসক। উল্লেখ্য যে, যোৱা ৪ মে’ত “ৰেচকিউ এণ্ড পেটছ গুৱাহাটী” ফেচবুক পেজ এটা ভিডিঅ’ শ্বেয়াৰ হৈছিল। এই ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে জনতাৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময় ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হৈছিল।

মৰিগাঁও আৰক্ষীয়ে জনাই যে, ৫ মে’ত দাসক আটক কৰি আৰক্ষীয়ে সোধা-পোচা কৰি পাছত গ্ৰেপ্তাৰ কৰে। আজি দাসক আদালতত হাজিৰ কৰোৱা কথা। জানিব পৰা মতে, নাৰায়ন দাস এজন ব্যৱসায়ী। মৰিগাঁৱত তেওঁৰ ৰেষ্টুৰেন্ট-বাৰ- ৱাইনৰ দোকান আছে।

কিছুমান অস্বাভাৱিক ব্যৱহাৰৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি ৰাইজৰ সন্দেহত আছিল। বিভিন্ন পশু সংগঠনৰ অভিযোগ অনুসৰি, প্ৰায় এবছৰ ধৰি তেওঁ কুকুৰ কেইটাৰ লগত অপকৰ্ম কৰি আহিছিল। দাসৰ ভাইৰেল হোৱা ভিডিঅ’ৰ পাছতে ৰপাউছ ফাউণ্ডেশ্যন, আলু ফাউণ্ডেশ্যন, আনাজোৰী ফাউণ্ডেশ্যন, এনিমেল ক্ৰাইম কণ্ট্ৰ’লকে ধৰি এন জি অ’ই এজাহাৰ দাখিল কৰে।

পৰৱৰ্তী সময়ত পশু সংগঠন আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান চলাই তেওঁৰ বাসগৃহৰ পৰা তিনিটা কুকুৰ উদ্ধাৰ কৰি চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পশু সুৰক্ষাৰ লগত জড়িত এন জি অ’সমূহৰ তথ্য মতে কুকুৰৰ লগত অপকৰ্মৰ ঘটনা অসমত এয়াই প্ৰথম। দাসৰ এই জঘন্য কাণ্ডৰ বাবে উচিত শাস্তিৰ দাবী কৰিছে পশুপ্ৰেমী ৰাইজে।

 

 

অন্য খবৰ পঢ়কঃ সকলোৰে উৰ্ধত প্ৰচেষ্টা! দশম শ্ৰেণীত ফেইল কৰা পুত্ৰৰ বাবে পাৰ্টিৰ আয়োজন পিতৃ-মাতৃৰ…

সেন্দূৰৰ ৰং কেৱল ৰঙা কিয়? আঁৰত আছে বিশেষ কাৰণ....
মহিলাসকলে কিয় কম বয়সীয়া পুৰুষক প্ৰেমিক হিচাপে বিচাৰে?
শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan