আজি নাঙল বিহুঃ জানক ইয়াৰ পৰম্পৰা, কেনেকৈ পালন কৰা হয় আদি সকলো…

Nangal Bihu: আজি নাঙল বিহু। ৰঙালী বিহুৰ পঞ্চম দিনা তথা ব'হাগৰ ৪ তাৰিখে এই বিহু পালন কৰা হয়। কৃষিজীৱি অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে।

আজি নাঙল বিহুঃ জানক ইয়াৰ পৰম্পৰা, কেনেকৈ পালন কৰা হয় আদি সকলো...

নাঙল বিহু

Published: 

18 Apr 2025 | 08:55 AM

আজি ৰঙালী বিহুৰ পঞ্চম দিন তথা ব’হাগৰ ৪ তাৰিখ। আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব নাঙল বিহু। প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ নাঙল বিহুৰো বিশেষ গুৰুত্ব আছে। বিশেষকৈ কৃষকসকলে এই বিহু পালন কৰা হয় দেখা যায়। বিহুৰ পাছত খেতি কৰিবলৈ খেতিত ব্যৱহৃত সকলো সামগ্ৰী আজিৰ দিনটোত চাকি-ধূপ দি সেৱা জনাই সকলোৰে মংগল কামনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কৃষকসকলে পৰম্পৰা ৰক্ষা কৰি এই বিহু পালন কৰিব।

গুৰুত্ব

প্ৰতিটো বিহুৰ দৰে নাঙল বিহুৰো বিশেষ গুৰুত্ব আছে। ইয়াৰ তাৎপৰ্য হ’ল খেতি পথাৰত নমাৰ পূৰ্বে নাঙলক বা খেতিত ব্যৱহৃত সা-সঁজুলিসমূহক চাকি বন্তি জ্বলাই সকলোৰে সমৃদ্ধি কামনা কৰা। বহাগ বিহুৰ অন্তত পথাৰক উপচোৱা বৰষুণজাকৰ সৈতে খেতি-পথাৰত নমাৰ পূৰ্বে এই বিহু পালন কৰে অসমীয়াই। ইয়াৰ পাছতে ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃ গৃহলৈ আহে। যাৰ বাবে এই দিনা জীয়ৰী বা চেনেহী বিহু পালন কৰা হয়।

কেনেকৈ পালন কৰা হয়

আজিৰ দিনটোক কৃষকসকলে খেতিপথাৰত ব্যৱহৃত সঁজুলি যেনে নাঙল, যুঁৱলি, জাপি, মৈ আদিৰ ওচৰত চাকি-ধূপ জ্বলাই সেৱা জনাই লগতে সকলোৰে সমৃদ্ধি তথা মংগল কামনা কৰে।

সময় সলনি হৈছে। আধুনিক সমাজৰ প্ৰভাৱ আমাৰ কৃষ্টি-সংস্কৃতিতো পৰিছে।  বিগত কেইটামান বছৰৰ পৰা খেতিত অত্যাধুনিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। এতিয়া খেতিত গৰুৰে হাল বোৱা, মৈ টকাৰ সলনি ট্ৰেক্টৰেৰে বা অন্য সামগ্ৰীৰে খেতি কৰে। সময়ৰ সৈতে খোজ মিলাই বিজ্ঞান প্ৰযুক্তিক আদৰি লৈছে অসমীয়াই। যাৰ  বাবে পূৰ্বৰ তুলনাত নাঙল বিহুৰ গুৰুত্ব কিছু পৰিমাণে কমিছে। অৱশ্যে আজিও ৰাজ্যক কিছুমান প্ৰান্তত এই বিহু পালন কৰা দেখা যায়। আজিৰ আধুনিক যুগতো পুৰণি কৃষি পদ্ধতিৰে খেতি কৰা মানুহ আছে। যাৰ বাবে গুৰুত্ব হ্ৰাস পালেও নাঙলৰ বিহু অসমীয়াৰ মাজৰ পৰা আজিও হেৰাই যোৱা নাই।

 

অন্য খবৰ পঢ়কঃ আজি পহিলা ব’হাগ, ১৪৩২ ভাস্কৰাব্দৰ প্ৰথম দিন…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...