উজনিবাসীক ক্ষমা খুজি মাছ ৰপ্তানি কাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত নগাঁও মীন পালক সন্থাৰ…

অৱশেষত সিদ্ধান্ত প্ৰত্যাহাৰ নগাঁও মীন পালক সন্থাৰ। উজনিলৈ মাছৰ ৰপ্তানি অব্যাহত থাকিব বুলি উল্লেখ কৰি জহিৰুল ইছলামে উজনিবাসীৰ ওচৰত ক্ষমা খোজে। কিছুদিন পূৰ্বে নগাঁও মীন পালক সন্থাই উজনিলৈ মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিছিল।

উজনিবাসীক ক্ষমা খুজি মাছ ৰপ্তানি কাৰ্য অব্যাহত ৰখাৰ সিদ্ধান্ত নগাঁও মীন পালক সন্থাৰ...

মাছ

Published: 

29 Aug 2024 07:55 AM

অৱশেষত ক্ষমা খুজি উজনিলৈ মাছ ৰপ্তানি কাৰ্য অব্যাহত ৰখাৰ কথা ঘোষণা কৰিলে নগাঁও মৎস ব্যৱসায়ী সন্থাই। উজনিবাসীৰ ওচৰত ক্ষমা বিচাৰিলে নগাঁও মৎস ব্যৱসায়ী সন্থাৰ সম্পাদক জহিৰুল ইছলামে। এইগৰাকী ব্যৱসায়ীয়ে উজনিলৈ মাছ নপঠিওৱাৰ সিদ্ধান্ত লৈ আটক হৈছিল। তাৰ পাছতে বুধবাৰে উজনিবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাগি মাছ ৰপ্তানি অব্যাহত থাকিব বুলি তেওঁ জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত জহিৰুল ইছলামে কয় যে,যোৱা ২৭ আগষ্টত দুগৰাকী সাংবাদিকে মোক ফোন কৰি এৰাবাৰী বজাৰত মাতিছিল। তাৰ পাছত মোক প্ৰশ্ন কৰিছিল মাছ ক’ত বিক্ৰী কৰিবা। তেতিয়া মই কৈছিলো অন্য ঠাইত মাছ পঠিয়াম। তেওঁ কয় যে, তেওঁলোকে পুনৰ উজনিলৈ মাছ ৰপ্তানি কৰিব। ইয়াৰ লগতে পূৰ্বৰ সকলো ভাষ্য নাকচ কৰি তেওঁ মন্তব্য ব্যক্তিগত বুলি উল্লেখ কৰে।

উল্লেখ্য যে, অসমত মিঞা বিৰোধী অভিযান আৰম্ভ হোৱাৰ পাছতে নগাঁও মীন পালক  ইব্ৰাহিম খলিল উল্লাহ আৰু জহিৰুল ইছলামে উজনিলৈ মাছ ৰপ্তানি নকৰে বুলি এক প্ৰকাৰ বীৰ লাচিত সেনাত হুংকাৰ দিছিল। নগাঁও মীন পালক সন্থাই দিয়া এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল উজনিবাসীয়ে আৰু নগাঁওৰ মাছ নালাগে বুলি কৈছিল। উজনি অসমৰ প্ৰায় সংখ্যকলোকেই নগাঁও মীন পালক সন্থাৰ সিদ্ধান্তক আদৰণি জনাই তেওঁলোকৰ মাছ নহ’লে একো  অসুবিধা নহয় বুলি কৈছিল।

এই মাছ ৰপ্তানি বন্ধ কৰা কাৰ্যৰ বিষয়টোত মাত মাতিছিল অসমৰ মন্ত্ৰী- বিধায়কসকলেও। মন্ত্ৰী পিযুষ হাজৰিকাই এই কাৰ্যৰ বাবে অখিল গগৈকো টানি আনি কৈছিল যে, বিশেষ সম্প্ৰদায়লোকৰ দুৰ্যোধনৰূপী অখিল গগৈয়ে এই বিষয়ত মাত মাতিব লাগে। ৰাজ্যজুৰি চলা প্ৰতিক্ৰিয়াৰ পাছতে নগাঁও মীন পালক সন্থাই তেওঁলোকৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে নগাঁও মীন পালক সন্থাই কৈছিল যে,  উজনি অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক শৃংখল চলিহাৰ নেতৃত্বত অত্যাচাৰ চলোৱা হৈছে। ইয়াৰ পৰিণাম ভুগিব লাগিব। আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ হাতত বিশাল মীন ব্যৱসায় আছে। উজন অসমলৈ মাছৰ ৰপ্তানি সংখ্যালঘু লোকসকলে কৰে। যাৰ ফলত উজনি অসমৰ মানুহে কম দামত মাছ খাবলৈ পায়। অনাগত দিনত উজনিলৈ মাছৰ ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰ জিলালৈ এই ৰপ্তানি নহয়।

কিন্তু এতিয়া এই মন্তব্যৰ পৰা গা এৰাই জহিৰুলে কয় যে, তেওঁ কোনো ৰাজনৈতিক দল বা সন্থাৰ লগত লেন দেন নাই। এয়া তেওঁৰ একান্ত ব্যক্তিগত সিদ্ধান্ত আছিল। এই ক্ষেত্ৰত উজনিবাসীক ক্ষমা খোজাৰ লগতে মাছ ৰপ্তানি অব্যাহত থাকিব বুলি তেওঁ কয়।

মাছ-মাংস নহ’লেও কথা নাই, এই ৫ বিধ ফলেই দেহত পূৰ কৰে প্ৰটিনৰ অভাৱ
প্ৰতিদিনে খাওক গুড়, পাব জটিল ৰোগৰ পৰা মুক্তি!
শীতকালত কাহ আৰু ডিঙিৰ বিষে অশান্তি কৰিছে নেকি? সহজ উপায়েৰে ঘৰতে দূৰ কৰক সমস্যা
গাখীৰৰ সৈতে মিহলাই লওক এই ৫ বিধ খাদ্য, লাভ কৰিব অপৰিসীম সুফল
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী