কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, আহত পিতৃ…টীয়কত চাঞ্চল্যকৰ ঘটনা
পুৱা ঘৰৰ কোনো সাৰ নোপোৱাত স্থানীয় ৰাইজে সন্দেহ হয়। লগে লগে তেওঁলোকে এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাঙি ঘৰৰ এটি কোঠাত মাতৃ-কন্যাৰ মৃতদেহ আৰু কোঠাটোৰ এটা চুকত কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰে।

টীয়কত চাঞ্চল্যকৰ ঘটনা
টীয়কৰ বলমা মৰাণ গাঁওত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰত উদ্ধাৰ মাতৃ, কন্যাৰ মৃতদেহ। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি উত্তেজনাৰ সৃষ্টি কৰিছে। ইফালে গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহত পিতৃক। জানিব পৰা মতে মৃত মাতৃগৰাকীৰ নাম চুনচুনী কোঁৱৰ আৰু কন্যা গৰাকীৰ নাম সোণাক্ষী কোঁৱৰ।
সোণাক্ষী প্ৰথম শ্ৰেণীৰ ছাত্ৰী। আহত পিতৃৰ নাম কল্যাণ কোৱঁৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী।এই ঘটনা পৰিয়ালকেন্দ্ৰিক ঘটনা নে হত্যাকাণ্ড জানিব পৰা হোৱা নাই।জানিব পৰা মতে যোৱা নিশা প্ৰায় দুইমান বজাত ওচৰ-চুবুৰীয়াই পৰিয়ালটোৰ মাজত চিঞৰ-বাখৰ শুনিছিল। তাৰ পিছত ঘটনাৰ বিষয়ে সুধিবলৈ আহিছিল যদিও কল্যাণ কোঁৱৰে একো নাই হোৱা বুলি তেওঁলোকক ঘূৰাই পঠিয়াই দিয়ে।
কিন্তু পুৱা ঘৰৰ কোনো সাৰ নোপোৱাত স্থানীয় ৰাইজে সন্দেহ হয়। লগে লগে তেওঁলোকে এই বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষী উপস্থিত হৈ দুৱাৰ ভাঙি ঘৰৰ এটি কোঠাত মাতৃ-কন্যাৰ মৃতদেহ আৰু কোঠাটোৰ এটা চুকত কল্যাণ কোঁৱৰক আহত অৱস্থাত উদ্ধাৰ কৰে।
তাৰ পিছতে গুৰুতৰভাৱে আহত পিতৃক চিকিৎসাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে। ইফালে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।উল্লেখ্য যে, এই পৰ্যন্ত কোনো আৰক্ষী বা স্থানীয় লোক কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰা নাই। ফৰেনচিক দল অহাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি জানিবলৈ দিছে জিলা আৰক্ষী অধীক্ষকে।
স্থানীয় একাংশৰ পৰা জানিব পৰা মতে পেচাত এগৰাকী ব্ৰইলাৰ দোকানী কল্যাণ কোঁৱৰ আজি কিছুদিনৰ পৰা কোনো ৰোগত আক্ৰান্ত হৈ আছিল।সেয়ে মানসিকভাৱে কিবা কাৰণত হতাশগ্ৰস্ত হৈ এইদৰে নিজৰ পৰিয়ালটোৰ সৈতে চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।