Zubeen Garg: কফিন ডাঙৰ হোৱাৰ বাবে অসমলৈ অনাত পলম জুবিন গাৰ্গৰ নশ্বৰদেহ, মুখ্যমন্ত্ৰীয়ে জনালে এই কথা…

ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ আনি আছে অসমলৈ। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে বিমান।

Zubeen Garg: কফিন ডাঙৰ হোৱাৰ বাবে অসমলৈ অনাত পলম জুবিন গাৰ্গৰ নশ্বৰদেহ, মুখ্যমন্ত্ৰীয়ে জনালে এই কথা...

কফিন ডাঙৰ হোৱাৰ বাবে অসমলৈ অনাত পলম জুবিন গাৰ্গক

Updated On: 

21 Sep 2025 | 06:32 AM

আজি অসম আহি পাব সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ। সকলোকে কন্দুৱাই অজান মূলুকলৈ গ’লগৈ জুবিন গাৰ্গ। জুবিনৰ মৃত্যুক এতিয়াও সহজভাৱে মানি ল’ব পৰা নাই অনুৰাগীয়ে। কালি চৰকাৰী পক্ষই জনোৱা মতে, আজি পুৱতি নিশা আহি পোৱাৰ কথা আছিল জুবিন গাৰ্গৰ নশ্বৰদেহ। কিন্তুসকফিন ডাঙৰ হোৱাৰ বাবে অসমলৈ অনাত পলম জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাই জুবিনৰ মৃতদেহ আনি আছে অসমলৈ। পুৱা ৪.৩০ বজাতহে দিল্লীৰ পৰা উৰা মাৰিছে বিমান। বৰ্তমান Air India Express flight IX 1197ৰে আনি আছে জুবিনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা।

মুখ্যমন্ত্ৰীয়ে কয়, ছিংগাপুৰৰ পৰা অহা আমাৰ মৰমৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া কফিনটো কোনো চাৰ্টাৰ্ড বিমানত নিব পৰাৰ জোখাৰে যথেষ্ট ডাঙৰ আছিল৷ আমি দুঘণ্টাতকৈও অধিক সময় ধৰি অবিৰাম প্ৰচেষ্টা চলাইছিলোঁ৷ তেওঁৰ মৃতদেহ এতিয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান IX 1197 ত গুৱাহাটীলৈ লৈ যোৱা হৈছে৷ বিমানখনে পুৱা ৪-৩০ বজাত উৰা মাৰিছে আৰু বৰ্তমান আকাশমাৰ্গেৰে গৈ আছে গুৱাহাটী অভিমুখে…

অনুৰাগীক কন্দুৱাই নীৰৱে শুই আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ। শিল্পীগৰাকীক শেষবাৰৰ বাবে চোৱাৰ হেঁপাহেৰে গোটেই নিশা অসমবাসী সাৰে থাকে। পুৱতি নিশাৰে পৰা মহানগৰীত চাৰিওফালে কেৱল বাজিছে ‘মায়াবিনী’।

লগতে পঢ়ক- পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব