Morning Headlines: অসম আহি পোৱাত পলম জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, লগতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ২১ ছেপ্তেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: অসম আহি পোৱাত পলম জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ, লগতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

পুৱাৰ মুখ্য খবৰ

Published: 

21 Sep 2025 05:40 AM

আজি ২১ ছেপ্তেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসম আহি পোৱাত পলম জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ছিংগাপুৰৰ পৰা অনা কফিন জোখতকৈ ডাঙৰ হোৱাৰ বাবে চাৰ্টাৰ্ড প্লেনৰ লাগেজ দুৱাৰত ফিট নহ’ল। বৰ্তমান Air India Express flight IX 1197ৰে আনি আছে জুবিনক। বিমান বন্দৰৰ পৰা পোনে পোনে ঘৰলৈ আনে জুবিনৰ নশ্বৰ দেহ।
  2. জুবিন গাৰ্গৰ বিয়োগত সকলোৰে শোক প্ৰকাশ। অসম চৰকাৰে শনিবাৰৰ পৰা ৰাজ্যত তিনিদিনীয়া শোক ঘোষণা কৰিছে। এই সময়ছোৱাতস্থগিত থাকিব সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত।
  3. আজি সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সৰুসজাইত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন। সকলো অনুৰাগীক আইন-শৃংখলা মানি চলিবলৈ আহ্বান। ‘ৰংমন ট্ৰেকত বাহনৰ পৰা নামিব পাৰিব। সকলো অনুৰাগী ১ নম্বৰ গেটেৰে প্ৰৱেশ কৰিব লাগিব। 1C ৰে জৰুৰীকালীন বাহনসমূহ যাব পাৰিব। ছাৰ্ভিচ ট্ৰেকত বাহনৰ চলাচল বন্ধ ৰখা হ’ব। ‘লখৰা বিহুতলী, চাইকেল ট্রেক LNB পথত থাকিব পাৰ্কিঙৰ ব্যৱস্থা।
  4. সোণাপুৰেই হ’ব পাৰে জুবিন গাৰ্গৰ অন্তিম ঠিকনা। গুৱাহাটীৰ সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গে।ইতিমধ্যে জুবিনৰ অন্তিম শয়নৰ বাবে দিয়া হৈছে ভূমিৰ প্ৰস্তাৱ।
  5. জুবিন গাৰ্গৰ মৃত্যুৰ পাছত প্ৰথমবাৰৰ বাবে ৰাইজলৈ এক বিশেষ অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গে। সামাজিক মাধ্যমযোগে ভিডিঅ পোষ্ট কৰি তেওঁ সকলোকে শান্তভাৱে থাকিবলৈ আহ্বান জনায়। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে।
  6. জুবিন গাৰ্গ দৰিদ্ৰজনৰ বন্ধু আছিল, সেয়েহে আজিৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আজি ৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ জুবিনৰ সন্মানাৰ্থে শনিবাৰৰ দিনটোত বন্ধ ৰখা হৈছিল।
  7. নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। দুয়োকে তদন্তৰ আওতালৈ অনা হ’ব, সোধাপোছা কৰা হ’ব: মুখ্যমন্ত্ৰী
  8. বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসদৃশ পৰিবেশৰ মাজতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড। এটা মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ’ণ আক্ৰমণৰ ঘটনা। যাৰ ফলত ৪০ জনৰো অধিক লোকৰ মৃত্যু হয়।
  9. অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। কাৰো যেন কোনো কামতেই মন বহা নাই। জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সাক্ষাৎকাৰ পিছুৱালে APSC এ।
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক