Morning News: ADRE ৰ ফলাফলৰ পৰা শান্তিৰ নোবেল বঁটালৈ, পুৱাৰ খবৰসমূহ…

Morning news: আজি ঘোষণা হ'ব শান্তিৰ নোবেল বঁটা। এই বঁটাৰ বাব বাবে বিগত সময়চোৱাত ড'নাল্ড ট্ৰাম্পে দাবী জনাই আহিছে। গতিকে কোনে লাভ কৰে এই বঁটা সেয়া হ'ব লক্ষণীয়।

Morning News: ADRE ৰ ফলাফলৰ পৰা শান্তিৰ নোবেল বঁটালৈ, পুৱাৰ খবৰসমূহ...

পুৱাৰ খবৰ

Published: 

10 Oct 2025 07:46 AM

আজি ১০ অক্টোবৰ, ২০২৫।  প্ৰতিটো দিনে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশৰ ওপৰত খবৰ ৰখা কাৰো বাবে সম্ভৱ হৈ নুঠে। যাৰ বাবে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. আজি দিনৰ  ১০.৩০ বজাত ঘোষণা হ’ব ADRE ৰ তৃতীয় শ্ৰেণীৰ ফলাফল। এই ঘোষণাৰ পাছতে পূৰণ হ’ব ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী খালী পদ। প্ৰাৰ্থীসকলে অনলাইন  slrcg3.sebaonline.org  ৱেবচাইটৰ জৰিয়তে এই ফলাফল চাব পাৰিব।
  2. আজি ঘোষণা হ’ব অসম আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছতে ৬২৫টা পদ পূৰণ হ’ব। এই পদসমূহৰ ভিতৰত আছে উপ-পৰিদর্শক (ইউ বি/এ বি/কমন) আৰু সহকাৰী উপ-নিয়ন্ত্রকৰ ২০৩ টা পদ, কনিষ্টবল (এ বি) কমাণ্ডো বেটেলিয়নৰ ১৬৪ টা পদ আৰু অসম আৰক্ষী আৰু সহযোগী সংগঠনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ২৫৮টা পদ।
  3. সদ্য বিজেপি ত্যাগী ৰাজেন গোঁহাইক শুভকামনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ  কয় যে, ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অশেষ অৱদান আছে আৰু তেখেতৰ অৱদানক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা প্ৰদান কৰিছে৷ তেখেতলৈ শুভকামনা।
  4. ভাৰত আৰু ব্ৰিটেইনে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ অধীনত ভাৰতে ব্ৰিটেইনত নিৰ্মিত লাইটৱেট মাল্টিৰোল মিছাইল (LMM)লাভ কৰিব।এই ক্ষেত্ৰত ৪৬৮ মিলিয়ন মাৰ্কিন ডলাৰ (৪১৫৫ কোটি) মূল্যৰ চুক্তি স্বাক্ষৰ কৰা হৈছে।
  5. জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰুদ্দেশ হৈছে দুজন জোৱান। ইতিমধ্যে এজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আনজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত হাইপোথাৰ্মিয়াক মৃত্যুৰ কাৰণ বুলি ধৰা হৈছে। যোৱা ৫ দিন ধৰি জোৱান দুজন নিৰুদ্দেশ হৈ আছে।
  6. আফগানিস্তানত ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ। বৃহস্পতিবাৰে নিশা পাকিস্তানে তালিবান শাসিত আফগানিস্তানৰ ৰাজধানী কাবুলত বিমান আক্ৰমণ চলায়।
  7. আজি দিনৰ ৩ বজাত ঘোষণা হ’ব শান্তিৰ নোবেল বঁটা। বিগত সময়চোৱাত শান্তিৰ নোবেল বঁটা বাবে দাবী জনাই আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কোনে এই বঁটা লাভ কৰে সেয়া হব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ ভাৰত ভ্ৰমণত তালিবান মন্ত্ৰী! ইফালে আফগানিস্তানত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ…

প্ৰাৰম্ভিক পৰ্যায়ত মগজুৰ টিউমাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে ?
মা কালীৰ বাহন কি আপুনি জানেনে?
হালধিয়ে দূৰ কৰিব আপোনাৰ সমস্যা, মাথোঁ এইদৰে কৰক ব্যৱহাৰ
েষ্টত প্ৰথমবাৰলৈ এনে কৃতিত্ব ‘অধিনায়ক গিল’ৰ, মুখত হাঁহি বিৰিঙিল ‘গম্ভীৰ’ গৌতমৰো