Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

Top Headline: ৰাজ্যৰ পৰা বিশ্বলৈ, প্ৰতিটো দিনত বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। আজি পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ'ল।

Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ খবৰ

Published: 

11 Jul 2025 07:42 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. জুম্মা বাৰ হোৱাৰ বাবে আজি গোৱালপাৰাৰ পাইকানত নচলে উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই এই কথা। লগতে কয় যে,আজিৰ পৰিবৰ্তে ১২ জুলাইত চলিব উচ্ছেদ।
  2. নাৰ্ছিংহোমৰ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৪ ঘন্টাৰ ভিতৰত মৃতদেহ চমজাই দিব লাগিব পৰিয়ালক। সম্পূৰ্ণ ধন আদায় দিব নোৱাৰিলেও ৰাখি থব নোৱাৰিব মৃতদেহ। এনে কৰিলে নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব।
  3. ১ নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলে মাহিলী লাভ কৰিব ৩০০ কৈ টকা। ঘৰুৱা টিউচনৰ নামত এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা।
  4. শেহতীয়া বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা ছয়খন ৰাজ্যলৈ আৰ্থিক সাহায্য হিচাপে ১,০৬৬.৮০ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। আবণ্টিত এই ধনৰাশিৰ ভিতৰত ৩৭৫.৬০ কোটি টকা লাভ কৰিছে অসমে।
  5. সৰ্থেবাৰীৰ কাঁহ-শিল্পলৈ বিত্তীয় সকায়। ১০ জুলাইত কেবিনেটে অসম সামগ্ৰী আৰু সেৱা কৰ (থলুৱা কাঁহ-পিতল উদ্যোগৰ বাবে পুনৰ পৰিশোধ) আঁচনি ২০২৫ত অনুমোদন জনাইছে। ইয়াৰ অধীনত কাঁহ-পিতলৰ শিল্পীসকলক GST ৰ ওপৰত পৰিশোধ কৰা ধন ঘূৰাই দিয়া হ’ব।
  6. গুজৰাটত বদোদৰা আৰু আনন্দ সংযোগী দলং খহি পৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ বহু লোকে প্ৰাণ হেৰুৱাইছে। এতিয়াও সন্ধানহীন হৈ আছে কেইবাজন।
  7. উত্তৰ ভাৰতৰ অন্যতম কঠিন যাত্ৰা হিমাচল প্ৰদেশৰ শ্ৰীখণ্ড মহাদেৱ যাত্ৰা ১০ জুলাইৰ পৰা আৰম্ভ হৈছে।এই যাত্ৰা ২৫ জুলাইলৈকে চলি থাকিব। ইতিমধ্যে ইয়াৰ বাবে প্ৰশাসনে নিৰাপত্তা তথা যাত্ৰীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।
  8. ইৰাণৰ লক্ষ্যত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। খামেনেইৰ ঘনিষ্ঠ সহযোগী তথা উপদেষ্টাগৰাকীয়ে কয় যে, ট্ৰাম্পক হত্যা কৰা অতি সহজ। ইৰানে ভাবুকি দিছে যে ট্ৰাম্প অকলশৰীয়া আৰু নিৰ্বিকাৰ হৈ থাকিলে হত্যা কৰিব পাৰি। ইৰাণে ইচ্ছা কৰিলে নিজৰ ঘৰত সোমাই ট্ৰাম্পক হত্যা কৰিব পাৰে বুলি ভাবুকি দিয়ে।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ! ১৫০০ হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন, গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...