পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

প্ৰতিদিনে বিশ্বত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু সকলোৰে খবৰ ৰখা সম্ভৱ নহয়। যাৰ বাবে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

Updated On: 

03 Jun 2025 08:07 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমত পুনৰ বানৰ তাণ্ডৱ। ২ জুনৰ তথ্য অনুসৰি, অসমৰ ২২ খনকৈ জিলা বানৰ ফলত প্ৰভাৱিত হৈছে। ইয়াৰোপৰি কেইবাটা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। চলিত বৰ্ষত বানৰ ফলত ৬ জন আৰু গৰাখহনীয়াত ৫ জন লোকৰ মৃত্যু হয়।
  2. মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ATMত জমা কৰিবলৈ অনা ধন লৈ উধাও বাহনৰ চালক৷ ৫৪ লাখ টকা আছিল CMS নামৰ সংস্থাৰ বাহনখনত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
  3. ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। এই মেলা ২৬ জুনলৈ চলিব। ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱতি নিশা ৩ বজাত হ’ব অম্বুবাচীৰ নিবৃত্তি।
  4. আজি অন্ত পৰিব এই প্ৰতিযোগিতাৰ ১৮ সংখ্যক সংস্কৰণ। বহু প্ৰতীক্ষিত ফাইনেলত আজি প্ৰতিদ্বন্দিতাত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত মেচ।
  5. মেঘালয়ত উদ্ধাৰ মধ্যপ্ৰদেশৰ ৰাজা নামৰ এজন লোকৰ মৃতদেহ। বিয়াৰ পাছত পত্নীৰ সৈতে মেঘালয়লৈ আহিছিল ৰাজা। ২৩ মে’ত দুয়ো নিৰুদ্দেশ হোৱাৰ পাছতে ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। এতিয়াও সন্ধানহীন পত্নী।
  6. বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বাধীন সৰ্বদলীয় প্ৰতিনিধি দলটোৱে চাৰিখন দেশ ভ্ৰমণ সমাপ্ত কৰি সোমবাৰে ভাৰতলৈ ৰাওনা হয়। শীঘ্ৰেই তেওঁলোকে মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা।
  7. টেছলাৰ চিইঅ’ ইলন মাস্কৰ পিতৃ এৰ’ল মাস্ক বৰ্তমান ভাৰত ভ্ৰমণত আছে। এই সময়চোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ কয় যে, মোদী বিশ্বৰ অন্যতম শীৰ্ষ নেতা। টিভিত তেওঁক চাই ভাল লাগে। তেওঁৰ কথাত থাকে আত্মবিশ্বাস আৰু স্পষ্টতা।
  8. পোলেণ্ডৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে কেৰল নাৱৰ’কিয়ে। তথ্য অনুসৰি, নাৱৰ’কিয়ে ৫০.৮৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী ৱাৰ্ছৰ মেয়ৰ ৰাফাল ট্ৰাস্কোভস্কিয়ে ৪৯.১১ শতাংশ ভোট লাভ কৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তান-বাংলাদেশৰ পাছত নেপালৰ কাষ চাপিছে চীন! কি প্ৰভাৱ পৰিব ভাৰতত? জানক…

ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…
শৰীৰত ভিটামন B12 ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ জানক...