এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ পৰা আমেৰিকাৰ ক্ষোভলৈ! পুৱাৰ খবৰ…

Morning news: এছিয়া কাপ ২০২৫ ত অনুষ্ঠিত হ'ব পাৰে ভাৰত পাকিস্তানৰ মেচ। ইতিমধ্যে এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইফালে ভাৰত-ৰাছিয়াৰ সম্পৰ্কত ক্ষুব্ধ হৈ পৰিছে আমেৰিকা।

এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচৰ পৰা আমেৰিকাৰ ক্ষোভলৈ! পুৱাৰ খবৰ...

পুৱাৰ মুখ্য খবৰ

Published: 

22 Aug 2025 07:58 AM

সু প্ৰভাত! প্ৰতিদিনেই ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো ঘটনাৰ বিষয়ে জনা বা খবৰ ৰখা সহজ নহয়। যাৰ বাবে আমি আপোনাৰ বাবে লৈ আনিছো পুৱাৰ খবৰ শীৰ্ষক শিতান। য’ত অসমৰ পৰা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ কিছুমান খবৰ উল্লেখ কৰা হয়। শেহতীয়াকৈ চলি থকা এনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. পুনৰ মহানগৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ। দক্ষিণ শৰণীয়াৰ এটা ভাড়াঘৰত যুৱতীগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। এটা ছিকিউৰিটি এজেন্সীত কাম কৰা যুৱতীগৰাকীৰ ঘৰ মাজুলীত। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
  2. BTR নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় UPPLয়ে। প্ৰকাশ কৰিলে প্ৰথমখন তালিকা। ২ বিধায়কসহ ১৮ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে দলটোয়ে। কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰা হয় প্ৰথমখন প্ৰাৰ্থীতালিকা।
  3. সাংবাদিক ইউটিউবাৰ অভিষাৰ শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত‌ ৰুজু গোচৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিডিঅ’ এটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ‌ বিৰুদ্ধে মন্তব্য দিয়া বুলি ইউটিউবত ভিডিঅ’ মুকলি কৰিছিল সাংবাদিক জনে।
  4. আধাৰ কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কালি কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড প্ৰদান কৰা নহয়।
  5. কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে বৃহস্পতিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাক। এই সময়চোৱাত তেওঁসমষ্টিত স্বাস্থ্য প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণৰ বাবে অনুৰোধ জনায় আৰু কেৰেলাত এইমছ আৰম্ভ কৰাৰ দাবী জনায়।
  6. ৰাছিয়াত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। এই সময়চোৱাত দুই দেশৰ বাণিজ্য বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আমেৰিকাৰ পৰা লাভ কৰা অহৰহ হেঁচাৰ মাজতে ৰাছিয়া-ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে।
  7. এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মেচ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত। ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব এই মেচ। ক্ৰীড়া মন্ত্ৰালয়ে স্পষ্টকৈ কৈছে যে ভাৰত-পাকিস্তানে দ্বিপাক্ষিক শৃংখলাত খেলিব নোৱাৰে যদিও বহুজাতিক প্ৰতিযোগিতাত এই খেল বন্ধ কৰিব নোৱাৰি। ভাৰতীয় ক্ৰিকেট দলক এছিয়া কাপ খেলিবলৈ আমি বাধা নিদিওঁ কাৰণ ই বহুজাতিক প্ৰতিযোগিতা।
  8. হোৱাইট হাউচৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰোৱে কয় যে, ভাৰতে ইউক্ৰেইন যুদ্ধত ভূমিকা পালন কৰি আছে। ইয়াৰ দ্বাৰা ভাৰতৰ লাভ হৈছে। বৰ্তমান ভাৰতে যি কৰি আছে সেয়া শান্তিৰ বাবে নহয় যুদ্ধ প্ৰসাৰৰ বাবে কৰি আছে।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ অহৰহ হেঁচাৰ মাজতে ৰাছিয়াত উপস্থিত এছ জয়শংকৰ…

দল ঘোষণাৰ পিছতো হ’ব পাৰে পৰিৱৰ্তন, বিচিচিআইৰ সিদ্ধান্তৰ পিছত দলত স্থান পাব ৰাহুল আৰু চিৰাজে!
ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব দৰিদ্ৰতাই!
বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...
বছৰৰ দ্বিতীয় সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে! জানক...