Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ ছাৰ্জশ্বীটৰ পৰা নিৰ্বাচনলৈ, পুৱাৰ খবৰ…

Morning News: আজি অসমবাসীৰ বাবে এক ডাঙৰ দিন। কিয়নো আজি এছ আই টিয়ে দাখিল কৰিব জুবিন গাৰ্গ মৃত্যুৰ ছাৰ্জশ্বীট। ইতিমধ্যে এছ আই টিয়ে সকলো সাজু কৰিছে। এতিয়া সকলোৰে চকু আছে মাত্ৰ ছাৰ্জশ্বীটলৈ।

Morning News: জুবিন গাৰ্গৰ মৃত্যুৰ ছাৰ্জশ্বীটৰ পৰা নিৰ্বাচনলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

12 Dec 2025 06:58 AM

আজি ১২ ডিচেম্বৰ, ২০২৫। প্ৰতিদিনৰ দৰে আজি পুৱাও আমি আপোনাৰ বাবে লৈ আহিছে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুৱাৰ কেইটামান প্ৰয়োজনীয় খবৰ তলত উল্লেখ কৰা হ’ল-

  1. আজি অসমবাসীৰ বাবে এক ডাঙৰ দিন। কিয়নো আজি এছ আই টিয়ে দাখিল কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ছাৰ্জশ্বীট।৩,৫০০ পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে এছ আই চিয়ে। আদালতত  ছাৰ্জশ্বীট দাখিলৰ পাছত সংবাদমেল সম্বোধন কৰিব এছ আই টিয়ে।
  2. আজি ১২ ডিচেম্বৰ। ২০১৯ চনত আজিৰ দিনটোতেই অসমত হোৱা কা আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱাইছিল ৫ নিৰীহ যুৱকে। কিন্তু আজি পৰ্যন্ত ন্যায়া নাপালে কোনোয়ে। উল্লেখ্য যে, ৫ যুৱকৰ ন্যায় বিচাৰি কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয়।
  3. অৰুণাচল প্ৰদেশত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ ২১ জন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী বিমল বৰা। ইফালে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আটক কৰিছে ঠিকাদাৰ ছিৰাজুল আহমেদক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ।
  4. পাকিস্তানৰ সৈতে যোগসূত্ৰ ৰখাৰ অভিযোগত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ জ্যোতিকা কলিতা। এইগৰাকী মহিলাৰ লগতে আন কেইবাজনৰ একাউন্টত সোমাইছিল ধন। যাৰ বাবে গ্ৰেপ্তাৰ হৈছে জিতু কলিতা, ছিমু দাম,অভিজিত দাস। অভিযোগ অনুসৰি ডুবাইত কৰ্মৰত এইগৰাকী যুৱতীয়ে পাকিস্তানৰ সৈতে সংযোগ ৰাখিছিল।
  5. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত তেওঁলোকে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি আৰু কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
  6. দ্বিতীয় টি-২০ত দক্ষিণ আফ্ৰিকাই ভাৰতক ৫১ ৰাণত পৰাস্ত কৰে। টিম ইণ্ডিয়াৰ ইনিংছ ১৯.১ অভাৰত মাত্ৰ ১৬২ ৰানত শেষ হয়। ইয়াৰ ফলত পাঁচখন মেচৰ শৃংখলা ১-১ত আছে। তৃতীয়খন খেল ১৪ ডিচেম্বৰত ধৰ্মশালাত অনুষ্ঠিত হ’ব।
  7. বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচন ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। পূৰ্বতে থকা নিষেধাজ্ঞাৰ বাবে শ্বেখ হাছিনাৰ দল আৱামী লীগে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব। দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্তই এই কথা সদৰি কৰে।

 

অন্য খবৰ পঢ়কঃ কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ ২১ জন শ্ৰমিকৰ…

প্ৰতিদিনে নহৰু খালে কি কি ৰোগৰ আশংকা কমে? জানক...
ৰাতিপুৱা খালী পেটত চাহ খাই নেকি ? ইয়াৰ পাৰ্শ্বক্ৰিয়া জানক
কাজিনেমু পাতে চুলিৰ কি কি সমস্যা নাইকিয়া কৰে ? ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰৰ টিপছ জানক
মধুৰিআমৰ গুটি কিয় চোবাই খাব নালাগে? জানক
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা...
শিৱসাগৰত পথাৰত ঘাঁহ কাটিবলৈ যাওঁতেই এজনক গঁড়ৰ আক্ৰমণ...
BTR ৰ বাবে আৰম্ভ হ'ব অৰুণোদয় ৩.০