দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২6 জুলাই, শনিবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

পুৱাৰ মুখ্য খবৰ

Published: 

26 Jul 2025 07:24 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি দেশে উদযাপন কৰিব কাৰ্গিল বিজয় দিৱস। পাকিস্তানৰ বিৰুদ্ধে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয়ৰ স্মৃতিত ২৬ জুলাই দিনটো সমগ্ৰ দেশত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। শ্বহীদ সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটোত কাৰ্গিল যুদ্ধ দিৱস পালন কৰি অহা হৈছে।
  2. আজি দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ২২ জুলাইৰ পৰা চাৰিদিনৰ বাবে উজনি অসমত আছিল মুখ্যমন্ত্ৰীগৰাকী। এই সময়ছোৱাত বিশেষভাৱে শদিয়াৰ অন্তৰ্গত ঐতিহাসিক বুঢ়া-বুঢ়ী শালৰ উন্নয়নৰ বাবে ৮.৭২ কোটি টকা ব্যয়সাপেক্ষ গ্ৰহণ এক প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে। ২৫ জুলাই শুকুৰবাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ উজনি অসম ভ্ৰমণ কাৰ্যসূচী সামৰণি পৰে।
  3. শুকুৰবাৰে অসমৰ ৭খন চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যৰ শপত গ্ৰহণ কৰাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এই উপলক্ষে ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ৰানোজ পেগু, আৰু মুখ্য সচিব ৰবি কোটাকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে৷
  4. গুৱাহাটী মহানগৰীৰ মালিগাঁওস্থিত কামাখ্যা ৰে’লৱে জংচনত আজি উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। এটা পৰিত্যক্ত অৱস্থাত থকা বেগৰ ভিতৰত এই ধনখিনি উদ্ধাৰ কৰে ৰে’ল সুৰক্ষা বাহিনীয়ে। জানিব পৰা মতে উদ্ধাৰ হোৱাৰ ধনৰ পৰিমাণ ২৫লাখ ৮৫ হাজাৰ টকা।
  5. সৰ্বাধিক দিনৰ বাবে প্ৰধানমন্ত্ৰী হোৱা দ্বিতীয়জন নেতা হিচাপে পৰিগণিত হ’ল নৰেন্দ্ৰ মোদী। ইতিমধ্যে প্ৰধানমন্ত্ৰী হিচাপে ৪ হাজাৰ ৭৮ দিন সম্পূৰ্ণ কৰিছে মোদীয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীকো অতিক্ৰম কৰিছে।
  6. থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত দুদিন ধৰি চলি থকা যুদ্ধৰ বিষয়টো এতিয়া ইউএনএছচিত উত্থাপন হয়। নিশা ১২:৩০ বজাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰা হয়। কম্বোডিয়াই ইউএনএছচিৰ জৰুৰী বৈঠক আহ্বান কৰিবলৈ পাকিস্তানৰ পৰা সহায় বিচাৰিছিল। এতিয়া তেওঁলোকৰ দাবী মানি লোৱা হৈছে।
  7. মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ছৌদি আৰবে আমেৰিকাত ৬০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিবলৈ সন্মত হৈছে, য’ত প্ৰায় ১৪২ বিলিয়ন ডলাৰৰ অস্ত্ৰ ক্ৰয় কৰা হ’ব। কেৱল চৌদি আৰৱই নহয়, ইজৰাইলৰ আন দুখন চুবুৰীয়া দেশেও অস্ত্ৰ-শস্ত্ৰৰ মজুত কৰাৰ কামত গুৰুত্ব দিছে। ইয়াৰ ভিতৰত ছিৰিয়াই তুৰস্কৰ সৈতে প্ৰতিৰক্ষাৰ বাবে ডাঙৰ চুক্তি কৰিছে, আনহাতে ইজিপ্তই আমেৰিকাৰ সৈতে পোনপটীয়াকৈ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে।
নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক