দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

পুৱাৰ মুখ্য খবৰ

Published: 

23 Jul 2025 07:57 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. চীনৰ বৃহৎ নদী বান্ধ প্ৰকল্পটোৰ প্ৰভাৱক লৈ অনিশ্চয়তা স্বীকাৰ কৰে যদিও ব্ৰহ্মপুত্ৰ সম্পূৰ্ণৰূপে তিব্বতী উৎসৰ ওপৰত নিৰ্ভৰশীল নহয় বুলি দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ‘‘মই তৎক্ষণাত চিন্তিত নহয়, কাৰণ ব্ৰহ্মপুত্ৰ এখন প্ৰবল নদী আৰু ই একক উৎস (পানীৰ)ৰ ওপৰত নিৰ্ভৰশীল নহয়।’‘ শৰ্মাই এইদৰে কয়।
  2. অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ সময়তে আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। অসম আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা আটক কৰা হয় ৮ জনকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিক।
  3. বঙাইগাঁও জিলাত এগৰাকী মহিলা অভিযন্তাই চৰম সিদ্ধান্ত লোৱা ঘটনাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। কনিষ্ঠ অভিযন্তা যোষিতা দাসে চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে লিখি থৈ গৈছিল এটা টোকা ৷ এই টোকাত তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল দুগৰাকী বিষয়াক। প্ৰায় এবছৰ ধৰি লোক নিৰ্মাণ বিভাগ (গৃহ)ৰ কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আছিল দাস।
  4. মঙলবাৰৰ পৰা উজনি অসম ভ্ৰমণত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সূত্ৰ খবৰ অনুসৰি, ২২ জুলাইৰ পৰা ২৫ জুলাইলৈকে উজনি অসমত কটাব মুখ্যমন্ত্ৰীয়ে। এই সময়ছোৱাত ডিব্ৰুগড়ৰ পৰা চৰকাৰী কাম-কাজ সম্পাদন কৰিব মুখ্যমন্ত্ৰীয়ে।
  5. মাচুল বৃদ্ধিৰ প্ৰতিবাদত উত্তাল গুৱাহাটী আই আই টি । মঙলবাৰে নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি আই আই টি প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে। এই কাৰ্যসূচীত বি টেক, এম টেক আৰু পি এইচ ডি শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।
  6. দিল্লী আৰু মুম্বাইৰ পাছত এইবাৰ মীৰুটকে ধৰি উত্তৰ প্ৰদেশৰ বহু বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে। লোহিয়ানগৰৰ সত্যকাম, মেডিকেল থানা অঞ্চলৰ কে এল ইণ্টাৰনেশ্যনেল আৰু মীৰুট পাব্লিক স্কুলকে ধৰি ১০খন বিদ্যালয়লৈ এই ভাবুকিমূলক ইমেইল প্ৰেৰণ কৰা হৈছে। মীৰুটৰ দৰে আগ্ৰা আৰু কানপুৰতো বিস্ফোৰণৰ ভাবুকিৰে ইমেইল প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে, দেশৰ ১৫৯খন বিদ্যালয়লৈ বোমাৰ ভাবুকিৰ ইমেইল প্ৰেৰণ কৰা হৈছে।
  7. হেনলি পাছপ’ৰ্ট সূচকাংকৰ এই প্ৰতিবেদনত ছিংগাপুৰৰ পাছপ’ৰ্টক বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী বুলি বিবেচিত হৈছে, যাৰ জৰিয়তে ছিংগাপুৰৰ নাগৰিকে ১৯৩খন দেশলৈ ভিছামুক্ত বা ভিছা অন এৰাইভেল যাত্ৰা কৰিব পাৰে।
বহু সময় ধৰি ফোনত কথা পাতিলে ডিঙিৰ বিষ কিয় বাঢ়ে? পৰিত্ৰাণৰ বাবে কৰক এই কাম...
মূৰত কিয় খজুৱতি হয়? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ!
কেৱল জ্বৰ নহয়, মেলেৰিয়াত আক্ৰান্ত হ'লে এইবোৰ লক্ষণেও দেখা দিয়ে
জিভাৰ বগা আৱৰণ লুকাই থকা স্বাস্থ্যজনিত সমস্যা লক্ষণ হ’ব পাৰে, আওকাণ নকৰিব