Morning News: বজৰং দলৰ নেতাক গ্ৰেপ্তাৰৰ পৰা বাংলাদেশৰ হিন্দু হত্যালৈ, পুৱাৰ খবৰ…

Morning News: প্ৰতিদিনে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো দিশ সন্দৰ্ভত খবৰ ৰখা সহজ নহয়। গতিকে এই লেখাটোত ৰাজ্যৰ পৰা বিশ্বলৈ চলি থকা কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

Morning News: বজৰং দলৰ নেতাক গ্ৰেপ্তাৰৰ পৰা বাংলাদেশৰ হিন্দু হত্যালৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

26 Dec 2025 | 07:43 AM

আজি ২৬ ডিচেম্বৰ, শুকুৰবাৰ। প্ৰতিদিনৰ দৰে আজিও এই লেখাটোত দেশ-বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সন্নিবিষ্ট কৰা হৈছে। প্ৰতিদিনে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো ঘটনাৰ বিষয়ে খবৰ ৰখা সহজ নহয়। গতিকে তলত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. পুৱাই গণেশগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা বাহনৰ। সংকটজনক অৱস্থাত চালকক হাস্পাতালত ভৰ্তি। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
  2. বৰদিনৰ কাৰ্যসূচীত বাধা দিয়া বজৰং দলৰ নেতাক গ্ৰেপ্তাৰ। প্ৰাপ্ত খবৰ অনুসৰি, গ্ৰেপ্তাৰ হৈছে মানস পাটগিৰি, বিজু দত্ত, নয়ন তালুকদাৰ আৰু ভাস্কৰ ডেকা। উল্লেখ্য যে, এইসকল নলবাৰীত বৰদিন উদযাপনত বাধা দিছিল। ভাঙি লণ্ড ভণ্ড কৰিছিল বৰদিনৰ সামগ্ৰী।
  3. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ বাল দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই দিনটো গুৰু গোবিন্দ সিং জীৰ পুত্ৰ শ্বহীদ হোৱাৰ স্মৃতিত উদযাপন কৰা হয়। দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
  4. আজিৰ পৰা বৃদ্ধি ৰে’লৰ টিকটৰ ভাড়া।২১৫ কিলোমিটাৰতকৈ অধিক যাত্ৰাৰ বাবে সাধাৰণ শ্ৰেণীত প্ৰতি কিলোমিটাৰত ১ পইচা আৰু নন-এচি আৰু সকলো এচি ক্লাছৰ মেইল/এক্সপ্ৰেছ ৰেলত ২ পইচা প্ৰতি কিলোমিটাৰ ভাড়া বৃদ্ধি।
  5. নিউজিলেণ্ডৰ বিৰুদ্ধে ইণ্ডিয়াই খেলিব নতুন বছৰৰ প্ৰথমখন ছিৰিজ। জানুৱাৰীত ভাৰতত এদিনীয়া আৰু টি-২০ শৃংখলা খেলিব। ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা। এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই এদিনীয়া দল।
  6. বাংলাদেশত পুনৰ হত্যা এজন হিন্দু যুৱকক। মৰিয়াই মৰিয়াই হত্যা কৰিলে অমৃত মণ্ডল নামৰ এজন যুৱকক। ৰাজবাৰী জিলা পঞ্চাত একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক। আৰক্ষীৰ মতে, স্থানীয় লোকে অমৃতৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন কৰিছে।
  7. চীনে অভিযোগ কৰিছে যে, আমেৰিকাই ভাৰত আৰু চীনৰ সম্পৰ্ক ভাল হোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে এই মন্তব্য কৰে। তেওঁ আৰু কয় যে, দুয়োখন দেশৰ সীমাক লৈ যি সমস্যা আছে তাত আন দেশে হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই।

 

অন্য খবৰ পঢ়কঃ আজিৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া, কোনটো টিকটত কিমানকৈ দাম বাঢ়িল, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...