নন্দিনী কাশ্যপৰ পৰা ৰাছিয়াৰ আক্ৰমণলৈ, পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

Morning news: বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বিভিন্ন ঘটনা ঘটে। এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল। নন্দিনী কাশ্যপৰ পৰা ৰাছিয়াৰ আক্ৰমণলৈ, কেইটামান বিশেষ খবৰ পঢ়ক।

নন্দিনী কাশ্যপৰ পৰা ৰাছিয়াৰ আক্ৰমণলৈ, পুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ...

পুৱাৰ মুখ্য খবৰ

Published: 

01 Aug 2025 07:10 AM

ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনতে বহু ঘটনা-পৰিঘটনা ঘটে। ৰাজ্য বা বিশ্বৰ প্ৰান্তত কি চলি আছে তাৰ বিষয়ে খবৰ ৰখা আৱশ্যক। কিন্তু প্ৰতিটো খবৰ ৰখাও সম্ভৱ নহয়। ব্যস্ত জীৱনত মানুহে সময় পায় কত। তেনে ক্ষেত্ৰত এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল, যাৰ সহায়ত আপুনি সাম্যক ধাৰণা পাব যে ক’ত কি হৈ আছে। সবিশেষ পঢ়কঃ

  1. গুৱাহাটীত চলিব উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইবাৰ গুৱাহাটীত উচ্ছেদ অভিযান চলিব। অৱশ্যে খিলঞ্জীয় লোকৰ উচ্ছেদ কৰা নহয়।
  2. ৰাজধানী থিয়েটাৰৰ নতুন অভিনেত্ৰী দেৱাশ্ৰী দাস। নন্দিনী কাশ্যপৰ লগত চুক্তি বাতিলৰ পাছতেই ৰাজধানী থিয়েটাৰৰ বাবে চুক্তিবদ্ধ হ’ল অভিনেত্ৰী দেৱাশ্ৰী দাস।
  3. মৃত্যু হোৱা ছামিউল হকৰ মোমায়েকৰ চাঞ্চল্যকৰ অভিযোগ। তেওঁ কয় যে,ছামিউলৰ মৃত্যুৰ পাছত বিভিন্নজনে তেওঁলোকক হাৰাশাস্তি কৰিছিল। USTM ৰ স্বত্বাধিকাৰীয়ে চিকিৎসাৰ বাবে ৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। আনকি অভিনেত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ উঠাই ল’বলৈ কৈছিল।
  4. আজি (শুকুৰবাৰ)ৰ পৰা হ্ৰাস পাব বাণিজ্যিক এল পি জি গেছৰ মূল্য। দিল্লীত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য ১ আগষ্টৰ পৰা ১৬৩১.৫০ টকা হ’ব। দিল্লীত ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য ১ আগষ্টৰ পৰা ১৬৩১.৫০ টকা হ’ব।
  5. মহাৰাষ্ট্ৰৰ মালেগাঁও কাণ্ডত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা নিয়াৰ বিশেষ আদালতৰ। এই গোচৰৰ মূল অভিযুক্ত আছিল সাধৱী তথা প্ৰাক্তন বিজেপি সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ।
  6. ভাৰতৰ বিৰুদ্ধে এটাৰ পাছত আনটো স্থিতি গ্ৰহণ আমেৰিকাৰ। শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে।
  7. হোৱাইট হাউচে দাবী অনুসৰি ডনাল্ড ট্ৰাম্পে নবেল বঁটা পাব লাগে। হোৱাইট হাউচে কয় যে, ৬ মাহত ট্ৰাম্পে ৬খনকৈ যুদ্ধবিৰতি কৰিছে। তেনে ক্ষেত্ৰত তেওঁক এই বঁটা দিব লাগে।
  8. ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ। কিয়েভত চলা আক্ৰমণত এটি শিশুসহ ১৩ জন লোকৰ মৃত্যু হয়। লগতে আহত হয় প্ৰায় ১৩০ জন। ট্ৰাম্পৰ সকিয়নীৰ পাছতো এই আক্ৰমণ কৰে।

 

অন্য খবৰ পঢ়কঃ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰা খিলঞ্জীয়াৰ ভূমিলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ জানক…

দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?
সঘনাই বমি হোৱাৰ লগতে ভোক কমি গৈছে নেকি ? ই দুৰ্বল যকৃতৰ লক্ষণ হ’ব পাৰে
হাওঁফাওঁৰ কৰ্কট ৰোগৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ নকৰিব, আগতীয়াকৈ ধৰা পেলালে জীৱন ৰক্ষা কৰিব পাৰি