Morning News: SIT ৰ তদন্তৰ পৰা ভোটাৰৰ নূন্যতম বয়স ১৬ বছৰলৈ, দিনটোৰ খবৰ…

Morning News: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে চলাই গৈছে তদন্ত। কালিৰ দিনটোত এছ আই টিয়ে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আদিৰ ঘৰ ছীল কৰে। ইয়াৰোপৰি বহু নথি পত্ৰ জব্দ কৰে।

Morning News: SIT ৰ তদন্তৰ পৰা ভোটাৰৰ নূন্যতম বয়স ১৬ বছৰলৈ, দিনটোৰ খবৰ...

পুৱাৰ খবৰ

Published: 

26 Sep 2025 | 07:43 AM

আজি ২৬ ছেপ্টেম্বৰ, শুকুৰবাৰ। প্ৰতিটো দিশেই আমাৰ চাৰিওফালে বিভিন্ন ঘটনা সংঘটিত হয়। কিন্তু সকলো দিশৰ ওপৰত খবৰ ৰখা সম্ভৱ হয়। গতিকে এই লেখাটোত আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অব্যাহত আছে এছ আই টিৰ তদন্ত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে, যদি এছ আই টিৰ তদন্ত ঠিক নহয় তেন্তে গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা হ’ব।
  2. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰি কালি এছ আই টিয়ে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট, শ্যামকানু মহন্তৰ ঘৰ আদি ছীল কৰে। লগতে জব্দ কৰে বহু নথি পত্ৰ। অভিযুক্ত শেখৰ গোস্বামীৰ ঘৰতো চলে অভিযান। ইয়াৰোপৰি জুবিনৰ মৃত্যুত সঞ্জীৱ নাৰায়ন, নিশিতা গোস্বামী, অমৃতপ্ৰভা আদিৰ নামো সাঙুৰ খাইছে।
  3. আজি ঘোষণা হ’ব বিটিচি নিৰ্বাচনৰ ফলাফল। যোৱা ২২ ছেপ্টেম্বৰত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।
  4. কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। সোণম ৱাংচুকৰ এন জি অ’ৰ অনুজ্ঞাপত্ৰ বাতিল কৰে গৃহ মন্ত্ৰালয়ে। অভিযোগ অনুসৰি সোণম ৱাংচুকৰ সংস্থা SECMOL য়ে বিদেশী চান্দা সন্দৰ্ভত ভুৱা তথ্য প্ৰদান কৰিছে আৰু FCRA ৰ নিয়ম উলংঘা কৰিছে। লেহত চলি থকা প্ৰতিবাদৰ মাজতে এই সিদ্ধান্ত।
  5. শ্বাহৰুখ খান আৰু গৌৰী খানৰ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ তৰিছে আই আৰ এছৰ বিষয়া সমীৰ ৱানখড়ে।
  6. এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ পাকিস্তানৰ। এনে অৱস্থাত ৪১ বছৰৰ ইতিহাসত এছিয়া কাপত প্ৰথমবাৰৰ বাবে ভাৰত-পাকিস্তান মুখামুখি হ’ব। এই খেল ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।
  7. নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ ডাঙৰ সিদ্ধান্ত। ভোটদানৰ নূন্যতম বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰিছে। তেওঁ কয় যে, Gen-Z যুৱক-যুৱতীসকলক নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে ভোটৰ তালিকাত নাম সংযোগৰ বাবে এমাহ সময় বৃদ্ধি।

 

অন্য খবৰ পঢ়কঃ এছিয়া কাপৰ ফাইনেলত ভাৰত-পাকিস্তানৰ মেচ, ৪১ বছৰৰ ইতিহাসত প্ৰথম…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...