Morning News: গুৱাহাটীত ভয়ংকৰ কাণ্ডৰ পৰা ভূমিকম্পলৈ, পুৱাৰ খবৰ…

Morning News: অসমত নিষিদ্ধ বহুবিবাহ! এই সন্দৰ্ভত কালি বিধানসভাত বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫ গৃহীত হয়। ইয়াৰ পাছতে এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।

Morning News: গুৱাহাটীত ভয়ংকৰ কাণ্ডৰ পৰা ভূমিকম্পলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

28 Nov 2025 | 07:23 AM

আজি ২৮ নৱেম্বৰ ২০২৫। প্ৰতিটো দিনৰ দৰে আজিও ৰাজ্য, দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হৈছে। প্ৰতিটো দিশ সন্দৰ্ভত খবৰ ৰখা সম্ভৱ নহয়। গতিকে এই লেখাটোত পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. অসম বিধানসভাত গৃহীত বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫। ইয়াৰ পাছতে এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ অধীনত এজন ব্যক্তিয়ে প্ৰথম বিবাহ আইনীগতভাৱে ভংগ নকৰাকৈ দ্বিতীয় বিবাহত আৱদ্ধ হ’ব নোৱাৰিব।
  2. জীৱেশ্বৰ গাম , উপেন ৰাজ নাথ আৰু বাহাৰুল ইছলামৰ জামিন মঞ্জুৰ। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতে জামিন মঞ্জুৰ কৰে তিনিওকে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে AI ব্যৱহাৰ কৰি ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন।
  3. গুৱাহাটীত সংঘটিত ভয়ংকৰ কাণ্ড। তিনিগৰাকী ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পথতে নিৰ্যাতন যুৱকৰ। অৱশ্যে কথমপি ৰক্ষা পৰে ছাত্ৰী কেইগৰাকী। ঘটনা সন্দৰ্ভত কালি নিশা আৰক্ষীয়ে অভিযুক্ত চবিৰুল ইছলাম ওৰফে বাপ্পীক গ্ৰেপ্তাৰ কৰে।
  4. মধ্যপ্ৰদেশৰ ৰাইজেনত ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ছলমানক আৰক্ষীৰ এনকাউন্টাৰ। অভিযুক্তৰ ভৰিত গুলী লাগে। বৰ্তমান তেওঁ হাস্পাতালত ভৰ্তি হৈ আছে।
  5. মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ মেগা নিলামত অংশ লৈছিল ২৭৬ গৰাকী খেলুৱৈয়ে। ইয়াৰে ৬৭ জনে ক্ৰে়তা লাভ কৰে। এই নিলামত দীপ্তি শৰ্মা আটাইতকৈ দামী খেলুৱৈ হিচাপে প্ৰমাণিত হয়। তেওঁক ইউ পি ৱাৰিয়ৰ্ছে ৩.২ কোটিত ক্ৰয় কৰে।
  6. নেপালৰ কেন্দ্ৰীয় বেংকে জাৰি কৰিছে ১০০ টকীয়া নতুন নোট। ইয়াত কালাপানী, লিপুলেখ, আৰু লিম্পিয়াধুৰাক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছে। যাক লৈ ইতিমধ্যে ভাৰতে আপত্তি দৰ্শাইছে।
  7. আমেৰিকাৰ আলাস্কাৰ এংকৰেজ মহানগৰ অঞ্চলত ভয়ংকৰ ভূমিকম্প। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৬.০। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (UMGS)ৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৮:১১ বজাত ৬৯ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প হয়।

 

অন্য খবৰ পঢ়কঃ বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো..

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...