Dr. Bhupen Hazarika Coin: কেনেকুৱা হ’ব সুধাকণ্ঠৰ ১০০ টকীয়া স্মাৰক মুদ্ৰা? জানক সবিশেষ

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সন্মানত ১০০ টকাৰ স্মৃতি মুদ্ৰা প্ৰদানৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। এই মুদ্ৰাটো তেওঁৰ কলাত্মক অৱদানৰ প্ৰতি এক চিৰযুগমীয়া শ্ৰদ্ধাঞ্জলি।

Dr. Bhupen Hazarika Coin: কেনেকুৱা হব সুধাকণ্ঠৰ ১০০ টকীয়া স্মাৰক মুদ্ৰা? জানক সবিশেষ

কেনেকুৱা হ'ব সুধাকণ্ঠৰ ১০০ টকীয়া স্মাৰক মুদ্ৰা?

Published: 

04 Sep 2025 23:07 PM

সমাগত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। এই সন্মানাৰ্থে কেন্দ্ৰ চৰকাৰে লৈছে এক উল্লেখনীয় পদক্ষেপ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰই ১০০ টকীয়া স্মাৰক মুদ্ৰা উলিওৱাৰ কথা ঘোষণা কৰিছে।

অসমত ৮ ছেপ্টেম্বৰৰ পৰা জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হ’ব কাৰ্যসূচী। গুৱাহাটীৰ খানাপাৰা ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই ভাৰ্চুৱেলী সভাত অংশগ্ৰহণ কৰিব। সুধাকণ্ঠৰ সন্মানত ১০০ টকাৰ স্মৃতি মুদ্ৰা প্ৰদানৰ সিদ্ধান্ত হৈছে তেওঁৰ কলাত্মক অৱদানৰ প্ৰতি এক চিৰযুগমীয়া শ্ৰদ্ধাঞ্জলি।

১০০ টকীয়া স্মাৰক মুদ্ৰাটোৰ বিষয়ে জানো আহক-

সুধাকণ্ঠৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে এই মুদ্ৰাটো অৰ্থনৈতিক পৰিক্ৰমা বিভাগে মুদ্ৰা আইন ২০১১ ৰ অধীনত জাৰি কৰিছে। এই মুদ্ৰাটোৰ আকাৰ বৃত্তাকাৰ আৰু ইয়াৰ ওজন ৪৪ গ্ৰাম। এই মুদ্ৰাটো হ’ব ৰূপালী, যিটো ৯৯ শতাংশ বিশুদ্ধ ৰূপৰ হ’ব। আমি দেখি থকা আন মুদ্ৰাৰ দৰে এই ১০০ টকীয়া মুদ্ৰাটো অশোক স্তম্ভৰ লগতে ‘সত্যমেৱ জয়তে’ লিখা থাকিব। ইফালে মূদ্ৰাটোৰ বাওঁফালৰ পৰিধিত দেৱনাগৰী লিপিত ‘ভাৰত’ আৰু সোঁ ফালে ইংৰাজীত ‘INDIA’ লিখা থাকিব। এই মূদ্ৰাটোত টকাৰ চিহ্ন আৰু ১০০ লিখা থাকিব।

কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্ট দিছেল। তেওঁ ড° ভূপেন হাজৰিকাৰৰ শতবাৰ্ষিকী উদযাপনক অধিক বিশেষ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।

উল্লেখ্য যে, এই মুদ্ৰাই তেওঁৰ স্মৃতিবোৰ জীয়াই ৰাখিব আৰু জাতিটোক তেওঁৰ অৱদান স্মৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?