শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্ত নামানে অগপই, টুকুৰিয়াব ন্যায়ালয়ৰ দুৱাৰ, প্ৰয়োজনত কৰিব প্ৰতিবাদ

কেন্দ্ৰই শেহতীয়াকৈ অনুপ্ৰৱেশকাৰী বিদেশীৰ নাগৰিকত্ব আবেদনৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনাৰ পৰা উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমক ৰেহাই দিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰে অগপৰ নেতৃত্বই।

নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰ সিদ্ধান্ত নামানে অগপই, টুকুৰিয়াব ন্যায়ালয়ৰ দুৱাৰ, প্ৰয়োজনত কৰিব প্ৰতিবাদ
অগপৰ বৈঠকImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Published: 06 Sep 2025 17:48 PM

অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অন্য়তম মিত্ৰদল অসম গণ পৰিষদ চমুকৈ অগপ নেতৃত্বই শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰে। কেন্দ্ৰই শেহতীয়াকৈ অনুপ্ৰৱেশকাৰী বিদেশীৰ নাগৰিকত্ব আবেদনৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনাৰ পৰা উত্তৰ-পূবৰ অন্যতম ৰাজ্য অসমক ৰেহাই দিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰে অগপৰ নেতৃত্বই।

শেহতীয়া নিৰ্দেশকে ধৰি অসম চুক্তিৰ মনোভাৱৰ বিৰুদ্ধে যোৱা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰা বুলি দলটোৱে দৃঢ়তাৰে কয়। বিদেশী বিৰোধী হিংসাত্মক আন্দোলনৰ পিছত ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সেই অসম আন্দোলনত শ্বহীদ হৈছিল ৮৫৫ গৰাকী লোক।

সংবাদমেলত অগপৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয়, ‘‘আমি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছো, অসমক এই নিৰ্দেশৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনাইছোঁ। অসম চুক্তিক উপেক্ষা কৰিব বিচৰা বা অসম চুক্তি বিৰোধী যিকোনো পদক্ষেপৰ আমাৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব।’’

শেহতীয়াকৈ কাৰ্যকৰী হোৱা অনুপ্ৰৱেশ আৰু বিদেশী আইন ২০২৫ৰ অধীনত জাৰি কৰা কেন্দ্ৰৰ নিৰ্দেশত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান লোকসকলক বৈধ ভ্ৰমণৰ নথি-পত্ৰ অবিহনে দেশত থাকিবলৈ অনুমতি দিয়া হৈছে, যদিহে তেওঁলোকে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পলায় আহে।

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ ত ৩১ ডিচেম্বৰ, ২০১৪ তাৰিখ অ-মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে ভাৰতত প্ৰৱেশৰ সময়সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। এতিয়া শেহতীয়া আদেশত এনে অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ তাৰিখ আৰু ১০ বছৰ বৃদ্ধি কৰা হৈছে। বিজেপি চৰকাৰে এনে সিদ্ধান্ত লোৱাৰ পাছতো অগপ মিত্ৰতাত থাকিব নেকি বুলি সোধাত দাসে কয় যে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

“যোৱা সন্ধিয়া আমাৰ দলীয় বৈঠক হৈছিল, য’ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত লোৱা হৈছিল, ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু বিশ্বাস কৰোঁ যে ই আমাৰ পক্ষত ৰায় দিব।” কুমাৰ দীপক দাসে কয়।

ইয়াৰ পূৰ্বেও অগপই CAAৰ সৈতে জড়িত অসমৰ বাবে একেধৰণৰ ৰেহাই বিচাৰি আন এখন লেখ আবেদন দাখিল কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ত। বিষয়টো এতিয়াও বিচাৰাধীন হৈ আছে।