পুনৰ কোনোৱে তম্বু টানিছে নেকি? নেঘেৰিবিলৰ উচ্ছেদস্থলীত প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ইফালে উচ্চতম ন্যায়ালয়ে নেঘেৰিবিল উচ্ছেদস্থলীত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিছে। তাৰ পাছতে আজি উচ্ছেদস্থলীত উপস্থিত হয় এম কে যাদৱ।

পুনৰ কোনোৱে তম্বু টানিছে নেকি? নেঘেৰিবিলৰ উচ্ছেদস্থলীত প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি...

মেৰাপানী

Published: 

24 Aug 2025 20:07 PM

মেৰাপানীৰ নেঘেৰি বিল উচ্ছেদস্থলীত তীক্ষ্ণ দৃষ্টি ৰাখিছে বনবিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে। উচ্চতম ন্যায়ালয়ে নেঘেৰিবিল উচ্ছেদস্থলীত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশৰ পাছত উচ্ছেদস্থলীত কোনো লোকে টিৰপাল বা তম্বু তৰিবলৈ চেষ্টা কৰিছে নেকি তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগে। দেওবাৰে আবেলি বন বিভাগৰ বৃহৎ দল লগতলৈ নেঘিৰিবিলৰ উচ্ছেদস্থলীত পুনৰ উপস্থিত হয় অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম’ কে যাদৱ।

অসম আৰক্ষী আৰু চিআৰপিএফ ৰ এটা বৃহৎ দল লগত লৈ পদব্ৰজে নেঘেৰি বিল পৰিদৰ্শন কৰে মুখ্য সচিব গৰাকীয়ে। উল্লেখযোগ্য যে, নেঘেৰিবিলৰ ৫৯ টা পৰিয়ালক উচ্চতম ন্যায়ালয়ে সাময়িক সকাহ দিছে যদিও স্থিতাবস্থা বাহালৰ নিৰ্দেশনা দিছে। সেয়েহে পূৰ্বে উচ্ছেদিত কোনো পৰিয়াল নেঘিৰিবিললৈ পুনৰ প্ৰত্যাবৰ্তন ঘটিছে নেকি বা তাত অস্থায়ী ভাৱে বসবাসৰ চেষ্টা কৰিছে নেকি তাক নিৰিক্ষণ কৰিবলৈ নেঘিৰিবিলত উপস্থিত হয় প্ৰশাসনৰ বৃহৎ দলটো।

তেনে সময়তে নেঘেৰিবিল উচ্ছেদস্থলীত এটা পোহনীয়া হাতী বান্ধি থোৱা অৱস্থাত প্ৰতক্ষ্য কৰি খঙত অগ্নিশৰ্মা হৈ পৰে বিশেষ মুখ্য সচিব এম কে যাদৱ। উচ্ছেদস্থলীত কেনেকৈ হাতী প্ৰৱেশ কৰিবলৈ পালে বুলি প্ৰশ্ন কৰি তৎকালে হাতীটো জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে বিশেষ মুখ্য সচিবগৰাকীয়ে। লগতে কৰ্তব্যত গাফিলতি কৰাৰ বাবে মেৰাপানীৰ খণ্ড বন বিষয়াগৰাকীক নিলম্বন কৰিবলৈ সংবাদ মাধ্যমৰ সন্মুখতে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, পৰিদৰ্শন কালত বিশেষ মুখ্য সচিব এম’ কে যাদৱৰ লগতে চি আৰু পি এফৰ বাহিনীৰ ডি আই জী আৰ,ডাব্লিউ ডাবা,অসম বন সংৰক্ষণ বাহিনীৰ অধিনায়ক দেৱজিৎ দেউৰী, গোলাঘাট জিলাৰ বন বিষয়া গুণজিৎ দাস, আদি উপস্থিত থাকে ।

 

অন্য খবৰ পঢ়কঃ মহানগৰীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ! সেই ঘৰটোতে একেলগে আছিল স্বামী…

কম দিনত ফলাফল পাব, এই সহজ ঘৰুৱা উপায়েৰে অকালতে চুলি পকা সমস্যা ৰোধ কৰক
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ শুভ এই ৰাশিৰ বাবে! জানক সকলো...
ছেপ্টেম্বৰ মাহটোৱে শুভ ফল লৈ আহিব এই ৩ ৰাশিৰ জীৱনলৈ...
সঘনাই জ্বৰ বা সংক্রমণ, দুৰ্বলতা অনুভৱ কৰে নেকি ? ব্লাড কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰক