দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ ফৰিদ উদ্দিন লস্কৰ…

দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি পুনৰ গ্ৰেপ্তাৰ এজন। এইবাৰ হাইলাকান্দিৰ পৰা এই যুৱকজন গ্ৰেপ্তাৰ হৈছে। উল্লেখ্য যে, শেহতীয়াকৈ বিতৰ্কিত পোষ্ট দি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে।

দিল্লী বিস্ফোৰণ সন্দৰ্ভত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ ফৰিদ উদ্দিন লস্কৰ...

অভিযুক্ত

Published: 

12 Nov 2025 | 09:03 PM

দিল্লীৰ বোমা বিস্ফোৰণক লৈ সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি পুনৰ গ্ৰেপ্তাৰ এজন। এইবাৰ অসম আৰক্ষীৰ জালত পৰিল হাইলাকান্দিৰ এজন যুৱক। ধৃত যুৱকজন ফৰিদ উদ্দিন লস্কৰ বুলি চিনাক্ত হৈছে। হাইলাকান্দিৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক।

জানিব পৰা মতে, দিল্লীৰ ঘটনাক লৈ তেওঁ সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰিছিল। এই পোষ্টটো যুৱকজনে ডিলিট কৰে যদিও আৰক্ষীয়ে সন্ধান উলিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰিছে যুৱকজনৰ মোবাইল ফোন।  উল্লেখ্য যে, কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, কোনোৱে যদি দিল্লীৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য আগবঢ়াই তেন্তে গ্ৰেপ্তাৰ কৰা হ’ব। তাৰ পাছতে অসম আৰক্ষী তৎপৰ হৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে।

 

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই সন্দৰ্ভত পোষ্ট কৰিছে। শৰ্মাই উল্লেখ কৰা অনুসৰি, বিতৰ্কিত পোষ্ট কৰি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে কেইবাগৰাকী। তেওঁলোকে ক্ৰমে- মতিউৰ ৰহমান (দৰং),ছান আলী মণ্ডল (গোৱালপাৰা), আব্দুল লতিফ (চিৰাং), ৱাজহুল কামাল (কামৰূপ), নূৰ আমিন আহমেদ (বঙাইগাঁও)।

ইয়াৰ লগতে শৰ্মাই কয় যে,  “দিল্লীৰ বিস্ফোৰণৰ পাছত এটা কথা বুজি পোৱা গৈছে যে শিক্ষিত হ’লেই যে সন্ত্ৰাসবাদী নহ’ব তেনে কথা নাই। কোৱা হৈছিল যে, এখেতসকলে শিক্ষা-দীক্ষাত পিছ পৰি আছিল বাবে বেয়া কামত ব্য়ৱহাৰ কৰা হৈছিল। কিন্তু দিল্লীৰ ঘটনাত শিক্ষিত লোকে জেহাদ কৰিছে। তাৰ পাছত গৰিহনা দিব এৰি অসমৰ একাংশই তেওঁলোকক সমৰ্থন কৰিছে”।

শৰ্মাই কয় যে, “জুবিন ক্ষেত্ৰত চাউল, দাইল নালাগে বুলি প্ৰতিবাদ কৰাসকেল এতিয়া দিল্লীৰ ঘটনাক সমৰ্থন কৰিছে। এনে ধৰণৰ মন্তব্য কৰা এতিয়ালৈকে কেইবাজনো চিনাক্ত হৈছে। তাৰ ভিতৰত কামৰূপত ৫ গৰাকী, তামুলপুৰত ১ গৰাকী, কাৰ্বি আংলঙত ১ গৰাকী, শোণিতপুৰত ২ গৰাকী, গোলাঘাটত ২ গৰাকী, বঙাইগাঁৱত ৩ গৰাকী, গোৱালপাৰাত ২ গৰাকী, বৰপেটাত ৪ গৰাকী, কাছাৰত ১ গৰাকী, নলবাৰীত ৩ গৰাকী, হোজাইত ২ গৰাকী, বাক্সাত ১ গৰাকী, দৰঙত ৩ গৰাকী, যোৰহাটত ১ গৰাকী, দক্ষিণ শালমাৰত ২ গৰাকী আৰু কামৰূপ (ম)ত এগৰাকী চিনাক্ত হৈছে”।

 

 

অন্য খবৰ পঢ়কঃ বিজেপিক ওফৰাই পেলোৱাৰ লক্ষ্য! ৭টা বিৰোধী দলৰ নেতৃবৃন্দৰে কংগ্ৰেছৰ বৈঠক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...