কাইলৈ পহিলা মাঘ, আপুনি জানেনে বৰপেটাত কিয় পহিলা মাঘত মেজি জ্বলোৱা হয়?
বৰপেটাত আজি সকলোৱে উৰুকা পালন কৰি আৰু কাইলৈ পহিলা মাঘত সকলোৱে মেজি জ্বলাব । কালি অসমৰ বিভিন্ন অঞ্চলত উৰুকা উদযাপন কৰি আজি মেজি জ্বলোৱা হৈছে যদিও বৰপেটাত কিছু সুকীয়া। সবিশেষ জানো আহক...

আজি মাঘ বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তত মেজি জ্বলাই অসমীয়াই আদৰিলে হেপাঁহৰ ভোগালী বিহুক। উৰুকাৰ নিশা ভোজ-ভাত খাই পুৱাই গা ধুই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনালে প্ৰতিগৰাকী অসমীয়াই। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে। ৰাজ্যৰ অন্য স্থানতকৈ বৰপেটাত কিছু পৃথক ভোগালী বিহু।
বৰপেটাত আজি সকলোৱে উৰুকা পালন কৰি আৰু কাইলৈ পহিলা মাঘত সকলোৱে জ্বলাব মেজি। কালি অসমৰ বিভিন্ন অঞ্চলত উৰুকা উদযাপন কৰি আজি মেজি জ্বলোৱা হৈছে যদিও বৰপেটাত কিছু সুকীয়া। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত ‘গাতা ৰখা’ উদযাপন কৰা হৈছে।
সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰনগৰী বৰপেটাকে ধৰি জিলাখনৰ বহু সত্ৰত আজিহে উৰুকা পালন কৰা হৈছে।(Magh Bihu at Bapeta Satra)৷ উৰুকা উপলক্ষে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত মেজি জ্বলোৱা হয়। পৰম্পৰা অনুসৰি বৰপেটাত বিৰিণা, নল-খাগৰি, কহুৱা আদিৰে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰা হয় ৷ সত্ৰনগৰী বৰপেটাত সত্ৰীয়া পৰম্পৰা অনুসৰি পূণ্যমাহ হিচাবে মাঘ মাহতহে মেজি প্ৰজ্বলন কৰি অগ্নিসেৱা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ৷ বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলিত কৰাৰ পিছতেই সত্ৰনগৰীৰ হাটীসমূহত নিৰ্মাণ কৰা মেজিসমুহ প্ৰজ্বলিত কৰা হ’ব ৷