Magh Bihu 2025: কাইলৈ উৰুকা, পৰিয়ালৰ সৈতে মাঘ বিহু উদযাপন কৰিবলৈ ঘৰমুৱা হৈছে মহানগৰবাসী…

ভোগালী বিহুৰ বাবে ঘৰলৈ যাবলৈ উথপথপ হৈছে অসমীয়াৰ মন৷ উৰুকা নিশা লগে-ভাগে এসাজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া।  ইতিমধ্যে কৰ্মৰ তাগিদাত ঘৰৰ পৰা দূৰত থকা প্ৰায় প্ৰতিগৰাকী লোক হৈছে ঘৰমুৱা। মহানগৰীৰ পৰা উজনিৰ ঘৰলৈ ৰাওনা হৈছে বহু লোক৷ 

Magh Bihu 2025: কাইলৈ উৰুকা, পৰিয়ালৰ সৈতে মাঘ বিহু উদযাপন কৰিবলৈ ঘৰমুৱা হৈছে মহানগৰবাসী...

মাঘ বিহু

Updated On: 

12 Jan 2025 13:10 PM

শীতৰ বোকোচাত উঠি আকৌ পালেহি হেঁপাহৰ ভোগালী । অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি ৰখা ভোগালী বিহুৰ মেজিৰ জুইৰ আশিস ল’বলৈ সাজু প্ৰতিজন অসমীয়া ।  এইবাৰ ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকা আৰু ১৪ জানুৱাৰীত পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব। ইয়াৰ ৰাজ্যজুৰি চলিছে ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে ভেলাঘৰ। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ভোগালীৰ প্ৰস্তুতি। আখলত ব্যস্ত হৈ পৰিছে অসমীয়া জীয়ৰী-বোৱাৰী। বিভিন্ন খাদ্য সম্ভাৰেৰে ভৰিছে ভোগালীৰ বজাৰ। উৰুকাৰ বজাৰ কৰিবলৈ ওলাই আহিছে সকলো।

কাইলৈ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উৰুকা। আমাৰ সংস্কৃতিত ভোগালী বিহুৰ উৰুকাৰ আছে বিশেষ মাদকতা৷ এইবাৰৰ মাঘৰ উৰুকালৈ মাজত মাত্ৰ এটা দিন বাকী৷ আমাৰ জনজীৱনত সেই দিনটোত একেলগ হৈ এসাঁজ খোৱাৰ পৰম্পৰাই সমৃদ্ধ কৰে অসমীয়াক৷  পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।

ইফালে বিহুৰ বাবে ঘৰলৈ যাবলৈ উথপথপ হৈছে অসমীয়াৰ মন৷ উৰুকা নিশা লগে-ভাগে এসাজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া।  ইতিমধ্যে কৰ্মৰ তাগিদাত ঘৰৰ পৰা দূৰত থকা প্ৰায় প্ৰতিগৰাকী লোক হৈছে ঘৰমুৱা। মহানগৰীৰ পৰা উজনিৰ ঘৰলৈ ৰাওনা হৈছে বহু লোক৷  বাছৰ বাবে পুৱাৰে পৰা খানাপাৰাত অপেক্ষা কৰিছে যাত্ৰীয়ে। খানাপাৰাত উজনিমুৱাৰ  ব্যাপক ভিৰ কৰিছে যাত্ৰীৰ। হয়তো কাইলৈ জনশূন্য হৈ পৰিব মহানগৰীৰ ৰাজপথ। এয়াই যে ভোগালী আনন্দ।

কামসূত্ৰে মাহ মাহ ধৰি ঘৰ পৰা দূৰত থাকিব লগা হয়। কিন্তু ভোগালী বিহুৰ সময়ত নিজৰ ঘৰখনলৈ এপাক যাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে অসমীয়া। আধুনিকতাৰ ধামখুমীয়াৰ পৰা আঁতৰি গাঁৱৰ নিভাজ পৰিৱেশৰ ভোগালীৰ আনন্দই যেন সূকীয়া। কোনেও যেন এই ক্ষণৰ আনন্দ হেৰুৱাব নিবিচাৰে। সেইবাৰে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি হলেও ঘৰমুৱা হয় সকলো। সকলোৰে এটাই  আশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাজ খাব। যাব শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মত নিয়োজিত থকা লোকসকলে মহানগৰী এৰি ঢাপলি মেলিছে আপোন ঘৰখনলৈ বুলি।

Related Stories
পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক
সেই ৪ খন যুদ্ধ! য’ত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে…
উঃমাঃ পৰীক্ষাৰ ফলাফলৰ পৰা জাতিগত লোকপিয়ললৈ, আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?
‘নাৰী বিদ্বেষী তথা অপমানজনক’, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...