আজি পহিলা মাঘ: ৰাজ্যৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ, বিভিন্ন প্ৰান্তত পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন…
ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ।

আজি পহিলা মাঘ
উৰুকা নিশাৰ ভোজৰ পৰা আৰম্ভ কৰি ভেলাঘৰৰ মেজিৰ জুইৰ উত্তাপেৰে প্ৰতিগৰাকী অসমীয়াই আদৰণি জনালে মাঘ মাহক। ভোগালীৰ বিহু উদযাপনৰ পাছত আজি মাঘ মাহৰ প্ৰথমটো দিন। সমগ্ৰ ৰাজ্যতে ভোগালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। পুৱাৰে পৰা ৰাজ্যৰ মন্দিৰ, নামঘৰত ভক্তৰ ভিৰ। মঠ- মন্দিৰত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে নেদেখাজনক প্ৰাৰ্থনা বিভিন্নজনৰ। অনুষ্ঠিত হৈছে ভোগালীৰ পৰম্পৰাগত খেল-ধেমালি। বৰপেটাকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আজিও জ্বলোৱা হৈছে মেজি। আনফালে আজি পঞ্চতীৰ্থ হাজোত পালন হ’ব মণিকূট উৎসৱ।
তদুপৰি ঠায়ে ঠায়ে পৰম্পৰাগত খেল-ধেমালি, পিঠা-পনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। জনসাধাৰণে আজি মাঘৰ প্ৰথম দিনা নিমন্ত্ৰিত অতিথি আৰু অভ্যাগতক সুস্বাদু খাদ্যৰে আপ্যায়ন কৰিব। সত্রনগৰী বৰপেটা সত্রত আজি পালন কৰা হৈছে মাঘ বিহু। জিলাখনৰ শতাধিক গাঁৱৰ ৰাইজে পালন কৰিছে মাঘ বিহু। বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ টুপৰ চোতালত জ্বলিল মেজি। সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজেৰে প্ৰসংগৰ পিছত সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজেৰে ডবা বজাই জ্বলোৱা হয় মেজি।
মাঘৰ প্ৰথম দিনটোত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ সমাগম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ ।পহিলা মাঘত উদুলি-মুদুলি হৈছে শিৱসাগৰ ৰংঘৰৰ বাকৰি। পুৰনি পৰম্পৰাৰে জীপাল হ’ব ঐতিহাসিক ৰংঘৰৰ বাকৰি। বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত খেল ধেমালিৰো আয়োজন।
ইফালে তীৰ্থ নগৰী হাজোত সমন্বয়ৰ সমাহাৰ। হিন্দু-মুছলমানৰ মহামিলনৰ বাৰ্তাৰে উদুলি-মুদুলি তীৰ্থনগৰী। মণিকূট শোভাযাত্ৰাক লৈ উখল-মাখল হৈ পৰিছে তীৰ্থনগৰী হাজো। পোৱামক্কা দৰগাহ শ্বৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হ’ব সমন্বয় শোভাযাত্ৰা। বাৰেৰহণীয়া এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ কেইবাগৰাকী তাৰকাৰ।
ইফালে মাঘ মাহৰ প্ৰথমটো দিনটোত মহানগৰীৰ মাজমজিয়াৰ উগ্ৰতাৰা দেৱালয়, বশিষ্টাশ্ৰম,গণেশ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ, হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত শৰাই-নৈবদ্য অৰ্পণ কৰি প্ৰাৰ্থনা জনাই ভক্তই ৷ প্ৰতিবছৰে মৰিগাঁৱৰ আঁহতগুৰিত অনুষ্ঠিত হয় পৰম্পৰাগত ম’হ যুঁজ। কিন্তু এইবাৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত নহয় আহঁতগুৰিৰ ম’হ যুঁজ। আদালতৰ নিষেধাজ্ঞাৰ বাবে এই সিদ্ধান্ত পৰিচালনা সমিতিৰ।