Latasil Bihu 2025: কোনে অৰ্জন কৰিলে ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ? পুৰস্কাৰস্বৰূপে কি কি লাভ ‘বিহু সম্ৰাজ্ঞী’ৰ?

লতাশিল খেলপথাৰত ‘বিহুৰাণী’ আৰু ‘বিহু কুঁৱৰী’ প্ৰতিযোগিতাৰ ফলাফল বুধবাৰে নিশা ঘোষণা কৰিছিল। আনহাতে বৃহস্পতিবাৰে নিশা ঘোষণা কৰে ৭৪ তম বৰ্ষ গুৱাহাটী বিহু সন্মিলনৰ ‘বিহু সম্ৰাজ্ঞী’ৰ নাম। একেলগে আটাইকেইজনকে প্ৰদান কৰে বঁটাসমূহ।

Latasil Bihu 2025: কোনে অৰ্জন কৰিলে বিহু সম্ৰাজ্ঞীৰ খিতাপ?  পুৰস্কাৰস্বৰূপে কি কি লাভ বিহু সম্ৰাজ্ঞীৰ?

লতাশিল বিহুৰ বিহু সম্ৰাজ্ঞী লীজামণি

Updated On: 

18 Apr 2025 | 12:46 PM

ৰাজ্যজুৰি ৰঙালীৰ পাৰভগা উছাহ। পুৱাৰে পৰা নিশালৈ ঢোলৰ গুমগুমনিত কঁপিছে চৌদিশ। পহিলা বহাগৰ পৰা আৰম্ভ হৈছে বিভিন্ন স্থানত বিহু প্ৰতিযোগিতাসমূহো। লতাশিলৰ ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ ৭৪ তম ‘বিহু সম্ৰাজ্ঞী’ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। মৰাণৰ লীজামণি শেনচোৱালৈ আগবঢ়োৱা হয় সন্মানীয় ‘বিহু সম্ৰাজ্ঞী’ খিতাপ। উল্লেখযোগ্য যে, বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত এইবাৰ ৯ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰে মাজৰ পৰা বিজয়ী হয় লীজামণি শেনচোৱাই।

গুৱাহাটীৰ আটাইতকৈ পুৰণি বিহুতলী লতাশিল ৰাজ্যৰ প্ৰথমখন বিহু মঞ্চ । লতাশিলৰ পৰাই প্ৰথম মঞ্চ বিহু আৰম্ভ হৈছিল বুলি কোৱা হয় । লতাশিলৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ৰ আদিৰ আছে সুকীয়া সন্মান । ১৯৫২ চনৰ পৰা ঐতিহাসিক লতাশিল খেলপথাৰত উদযাপন কৰি অহা হৈছে আমাৰ বাপতি সাহোন ৰঙালী বিহু ।

লতাশিল খেলপথাৰত ‘বিহুৰাণী’ আৰু ‘বিহু কুঁৱৰী’ প্ৰতিযোগিতাৰ ফলাফল বুধবাৰে নিশা ঘোষণা কৰিছিল। দুলীয়াজানৰ দীক্ষা গগৈলৈ ‘বিহু কুঁৱৰী’ৰ খিতাপ আনহাতে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ বিহুৰাণীৰ খিতাপ। আনহাতে বৃহস্পতিবাৰে নিশা ঘোষণা কৰে ৭৪ তম বৰ্ষ গুৱাহাটী বিহু সন্মিলনৰ ‘বিহু সম্ৰাজ্ঞী’ৰ নাম আৰু একেলগে আটাইকেইজনকে প্ৰদান কৰে বঁটাসমূহ।

এই বছৰৰ ‘বিহু সম্ৰাজ্ঞী’ লীজামণি শেনচোৱাই লাভ কৰে চলন্ত ৰূপৰ মুকুট, বিহু সম্ৰাজ্ঞীৰ দণ্ড, মানপত্ৰ, নগদ ধন ১ লাখ ১১ হাজাৰ টকা, বঁটা, এল গোপালৰ ডাইমণ্ডৰ চেট, ফ্ৰিজ, টিভি, ৱাচিং মেচিন আৰু ১০গ্ৰাম সোণৰ মুদ্ৰা। খিতাপ লাভ কৰি ‘বিহু সম্ৰাজ্ঞী’ লীজামণি শেনচোৱাই কয়, ‘বহুদিনৰ সপোন এটা পূৰণ হৈছে। সৰুৰ পৰাই নাচিবলৈ বহুত হেঁপাহ আছিল। অৱশেষত মোৰ এই যাত্ৰা সফল হৈছে। ২০১৫ চনত প্ৰথম আহিছিলোঁ, সেইবাৰ বিহুৰাণী হৈছিলোঁ।’

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব