Latasil Bihu 2025: লতাশিল বিহুৰ ‘বিহু কুঁৱৰী’ আৰু ‘বিহুৰাণী’ প্রতিযোগিতাৰ ফলাফল ঘোষণা, কেতিয়া ঘোষণা কৰিব ‘বিহু সম্ৰাজ্ঞী’ৰ নাম?

Latasil Bihu: লতাশিলৰ ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ ‘বিহু ৰাণী’ আৰু ‘বিহু কুঁৱৰী’ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ১৮গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। জানক লতাশিল বিহুত কোনে অৰ্জন কৰিলে ‘বিহু কুঁৱৰী’ আৰু বিহুৰাণী’ৰ খিতাপ।

Latasil Bihu 2025: লতাশিল বিহুৰ বিহু কুঁৱৰী আৰু বিহুৰাণী প্রতিযোগিতাৰ ফলাফল ঘোষণা, কেতিয়া ঘোষণা কৰিব বিহু সম্ৰাজ্ঞীৰ নাম?

লতাশিল বিহুৰ 'বিহু কুঁৱৰী' আৰু 'বিহুৰাণী' প্রতিযোগিতাৰ ফলাফল ঘোষণা

Updated On: 

17 Apr 2025 08:13 AM

ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত ‘বিহুৰাণী’ আৰু ‘বিহু কুঁৱৰী’ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। দুলীয়াজানৰ দীক্ষা গগৈলৈ ‘বিহু কুঁৱৰী’ৰ খিতাপ আনহাতে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁইলৈ বিহুৰাণীৰ খিতাপ। ‘বিহুৰাণী’ প্ৰীতিৰাণী বৰগোহাঁই হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী।

ৰাজ্যজুৰি ৰঙালীৰ পাৰভগা উছাহ। পুৱাৰে পৰা নিশালৈ ঢোলৰ গুমগুমনিত কঁপিছে চৌদিশ। পহিলা বহাগৰ পৰা আৰম্ভ হৈছে বিভিন্ন স্থানত বিহু প্ৰতিযোগিতাসমূহো। ঐতিহ্যমণ্ডিত লতাশিলত বিহুৰাণী, বিহুকুঁৱৰী প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশ লৈছে ৰাজ্যৰ বহুসংখ্যক বিহুৱতীয়ে। ১৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগীতাত। আজি ঘোষণা কৰিব ৭৪ তম বৰ্ষ গুৱাহাটী বিহু সন্মিলনৰ ‘বিহু সম্ৰাজ্ঞী’ৰ নাম। আজি একেলগে প্ৰদান কৰিব বঁটাসমূহ।

গুৱাহাটীৰ আটাইতকৈ পুৰণি বিহুতলী লতাশিল ৰাজ্যৰ প্ৰথমখন বিহু মঞ্চ । লতাশিলৰ পৰাই প্ৰথম মঞ্চ বিহু আৰম্ভ হৈছিল বুলি কোৱা হয় । লতাশিলৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ৰ আদিৰ আছে সুকীয়া সন্মান । ১৯৫২ চনৰ পৰা ঐতিহাসিক লতাশিল খেলপথাৰত উদযাপন কৰি অহা হৈছে আমাৰ বাপতি সাহোন ৰঙালী বিহু ।

উল্লেখ্য যে, লতাশিল বিহুত যোৱাবছৰ ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই লাভ কৰিছিল ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মান, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাইলৈ ‘বিহুৰাণী’ বঁটাৰ খিতাপ, ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসলৈ ‘বিহু কুঁৱৰী’ৰ খিতাপ আৰু চিৰঞ্জীৱ বৰ্মণে ‘শ্ৰেষ্ঠ ঢুলীয়া’ৰ বঁটা, যদূমণি গগৈয়ে ‘শ্ৰেষ্ঠ পেপুৱৈ’ৰ খিতাপ লাভ কৰিছিল।

IPL 2025ত ১ নম্বৰত উপনীত হ’ল বৈভৱ সূৰ্যবংশী
Snake Bite: কোনবোৰ প্ৰাণীক সাপে দংশন কৰিলে মৃত্যু নহয়? তালিকাখন জানি আচৰিত হ’ব আপুনি
ঘৰত কোনবোৰ বস্তু ৰাখিলে দেৱী লক্ষ্মীৰ আগমণ ঘটে? সবিশেষ জানক
আপোনাৰ ঘৰত পঁইতাচোৰাই ত্ৰাসৰ সৃষ্টি কৰিছে নেকি? ঘৰুৱা উপায় অৱলম্বন কৰি কৰক নাইকীয়া