কাৰ্বি আংলঙত স্থান নাই কংগ্ৰেছৰ, ৯০% জনতাই সমৰ্থন কৰে মোদীকঃ তুলিৰাম ৰংহাং

কাৰ্বি আংলঙত স্থান নাই কংগ্ৰেছৰ। ২০২৬ চনৰ নিৰ্বাচনত বিজেপি ১০০ শতাংশই জয়ী হ'ব। এই মন্তব্য কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। ইয়াৰোপৰি তেওঁ কংগ্ৰেছক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে।

কাৰ্বি আংলঙত স্থান নাই কংগ্ৰেছৰ, ৯০% জনতাই সমৰ্থন কৰে মোদীকঃ তুলিৰাম ৰংহাং

তুলিৰাম ৰংহাং

Published: 

16 Nov 2025 | 07:25 PM

কাৰ্বি আংলঙৰ ৫টা সমষ্টিত ১০০ শতাংশ বিজেপিয়েই জয়ী হ’ব- এই মন্তব্য কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক নিৰ্বাচন সন্দৰ্ভত দেওবাৰে মত প্ৰকাশ কৰি ৰংহাঙে কয় যে, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ৬টা বিধানসভা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব। দলটোৰ বিকাশকেন্দ্ৰিক শাসনৰ বাবে এয়া সম্ভৱ বুলি তেওঁ কয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰি তেওঁ কয় যে, গগৈ আৰু কংগ্ৰেছৰ বাবে কাৰ্বি আংলঙৰ ৰাজনীতিত এতিয়া কোনো স্থান নাই। তেওঁ কয়, প্রতিদিনে কংগ্ৰেছ আৰু APHLC ৰ সদস্যই বিজেপিত যোগদান কৰিছে। কার্বি-আংলঙৰ ৯০ শতাংশ জনতাই নৰেন্দ্ৰ মোদীক সমৰ্থন কৰে।

তেওঁ কয়, ‘পোন্ধৰ বছৰৰ আগতে কাৰ্বি আংলং ২৪৪(এ) অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত বিদ্ৰোহী গোটেৰে ভৰি আছিল। আটাইতকৈ পুৰণি আৰু বৃহত্তম ষষ্ঠ অনুসূচীৰ জিলা হোৱাৰ বাবে—ত্ৰিপুৰা, গোৱা আৰু ছিকিমতকৈও ডাঙৰ ১০,৪৩৪ বৰ্গ কিলোমিটাৰ কাৰ্বি আংলঙে দীৰ্ঘদিনীয়া অস্থিৰতাৰ সন্মুখীন হৈছিল।’

ৰংহাঙে ২০১১ চনত কেন্দ্ৰ, ৰাজ্য আৰু ইউপিডিএছৰ মাজত হোৱা শান্তি চুক্তি আৰু ২০২১ চনত ছটা উগ্ৰপন্থী গোটৰ সৈতে হোৱা চুক্তিক টাৰ্নিং পইণ্ট হিচাপে উল্লেখ কৰি কয় যে, “তেতিয়াৰ পৰা কাৰ্বি আংলঙে শান্তিৰ দিশে আগবাঢ়িছে। এতিয়া কোনো বিদ্ৰোহ নাই। কংগ্ৰেছৰ শাসনকালত ৮ টাতকৈও অধিক বিদ্ৰোহী গোটৰ উত্থান ঘটিছিল।বিজেপি আৰু কেন্দ্ৰৰ নীতিৰ অধীনত তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিছে”।

কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, কংগ্ৰেছ শাসনত থকাৰ সময়ত কাৰ্বি আংলঙক মাত্ৰ ৩০০ কোটি টকাৰ অনুদান দিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বহু উন্নয়নমূলক পেকেজ ঘোষণা কৰা হৈছে। তেওঁৰ মতে, কংগ্ৰেছৰ দিনত কাৰ্বিআংলঙক উপেক্ষিত কৰা হৈছিল।

ৰংহাঙে দাবী কৰে যে, জিলাখনৰ ৰাজনীতিত কংগ্ৰেছ একেবাৰে একাষৰীয়া হৈ পৰিছে। কাৰ্বি আংলঙত এতিয়া কোনো বিৰোধী নাই। ৪ জন বিধায়ক বিজেপিৰ, একমাত্ৰ সাংসদজন বিজেপিৰ আৰু ২৪ জন পৰিষদীয় ৱাৰ্ডত কংগ্ৰেছৰ এজনো প্ৰতিনিধি নাই। গতিকে এইবাৰ নিৰ্বাচনত ১০০ শতাংশই বিজেপিৰ জয় নিশ্চিত বুলি তেওঁ উল্লেখ কৰে।

তেওঁ জিলাখনৰ ক্ৰীড়া, সংস্কৃতিক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰি কয় যে, কাৰ্বি আংলঙত এখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা চলি আছে। আমি যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টি কৰিব বিচাৰো। ইয়াৰোপৰি কাৰ্বি আংলঙৰ শান্তিৰ লগতে উন্নয়নৰ বাবেও কাম কৰা হ’ব বুলি তেওঁ কয়।

 

অন্য খবৰ পঢ়কঃ ৰাজনীতিয়ে সকলো কাঢ়িলে লালুৰ! প্ৰথমে হেৰুৱালে গাদী আৰু এতিয়া পুত্ৰ-কন্যাক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...