গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ

উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ’ মুকলি কৰে অমিত শ্বাহে। ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো মহানগৰীৰ খানাপাৰা অঞ্চলৰ ৪৫ বিঘা (১৪.৮৫ একৰ) মাটিত বিস্তৃত।

গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ
Published: 

29 Dec 2025 | 05:27 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অসমৰ গুৱাহাটীত উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ’ মুকলি কৰে। ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহটো মহানগৰীৰ খানাপাৰা অঞ্চলৰ ৪৫ বিঘা (১৪.৮৫ একৰ) মাটিত বিস্তৃত আৰু ইয়াত ৫ হাজাৰ দৰ্শক বহিব পাৰিব।

মূল প্ৰেক্ষাগৃহৰ উপৰিও এই কমপ্লেক্সত কনভেনচন চেণ্টাৰ, পাঁচটা ভিআইপি ছুইট, ৪৫০খন বাহনৰ বাবে বহুস্তৰীয় গাড়ী পাৰ্কিং, অত্যাধুনিক দৃশ্য-শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনি আদিও আছে। বিষয়াসকলে দাবী কৰিছে যে, ই সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কৈছিল যে, প্ৰেক্ষাগৃহ কমপ্লেক্সটো সেউজ শক্তিৰে চলিব, যাৰ বাবে প্ৰেক্ষাগৃহৰ চালত সৌৰ পেনেল স্থাপন কৰা হৈছে। বিষয়াসকলে জনোৱা মতে, এই উপলক্ষে জন্মগত হৃদৰোগত সুস্থ হোৱা ১০০০ টি শিশুক সন্মান জনাই অমিত শ্বাহে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন ভৱন আৰু ২০০০ চিচিটিভিৰে গঠিত বিশেষ নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে। শ্বাহে আৰক্ষী আয়ুক্ত কাৰ্যালয়ত ৰাজ্যিক অপৰাধ তদন্ত বিভাগে আয়োজন কৰা নতুন অপৰাধ আইন সম্পৰ্কীয় প্ৰদৰ্শনীও উদ্বোধন কৰে।

তদুপৰি অসমত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে “শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ”। এই বিশাল ক্ষেত্ৰ উদ্বোধন কৰি শ্বাহে জনতাক সম্বোধন কৰে। এই সময়চোৱাত তেওঁ এই ক্ষেত্ৰত উদ্বোধন কৰিবলৈ পাই নিজকে ধন্য বুলি কোৱাৰ লগতে বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...