জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন, নেতৃত্বত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া

ন্যায়াধীক সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ'ল এজনীয়া তদন্ত আয়োগ। এই আয়োগে ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত ছিংগাপুৰত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্ত কৰিব।

জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন, নেতৃত্বত ন্যায়াধীশ সৌমিত্ৰ শইকীয়া
Updated On: 

04 Oct 2025 18:40 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ’ল এজনীয়া তদন্ত আয়োগ। এই আয়োগে ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত ছিংগাপুৰত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্ত কৰিব। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে ন্যায়িক আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰাৰ পাছতে আজি ৰাজ্যপালে আনুষ্ঠানিকভাৱে গঠন কৰে সৌমিত্ৰ শইকীয়া এজনীয়া তদন্ত আয়োগ।

৩ অক্টোবৰত তদন্ত আয়োগ আইন, ১৯৫২ ৰ ধাৰা ৩ৰ অধীনত জাৰি কৰা এই অধিসূচনাখনত আয়োগে কি কি কৰিব তাৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই আয়োগে গাৰ্গৰ মৃত্যুৰ পূৰ্বে আৰু পাছত ঘটা পৰিঘটনাৰ ক্ৰম তদন্ত, ব্যক্তি বা বিষয়াৰ ফালৰ যিকোনো ভুল বা গাফিলতি চিনাক্ত কৰা আৰু বাহ্যিক কাৰক, কু-অভিপ্ৰায় বা ষড়যন্ত্ৰৰ সম্ভাৱনাৰ তদন্ত কৰিব আয়োগে। অধিসূচনা জাৰি কৰা তাৰিখৰ পৰা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব আয়োগে।

অধিসূচনাখনত উল্লেখ কৰা হৈছে যে, শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো ব্যক্তি, কৰ্তৃপক্ষ বা প্ৰতিষ্ঠানৰ কোনো ধৰণৰ ভুল,গাফিলতি হৈছিল নেকি সেই বিষয়েও আয়োগে তদন্ত কৰিব। ইয়াৰ উপৰিও আয়োগে ফাউল প্লে, ষড়যন্ত্ৰ বা অবৈধ কাৰ্য্যৰ সম্ভাৱনাকে ধৰি কোনো বাহ্যিক কাৰকে এই ঘটনাত অৰিহণা যোগাইছিল বা জড়িত আছিল নেকি সেয়াও নিৰ্ণয় কৰিব।

ইফালে, চি আই ডিয়ে বৰ্তমান জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগতে কণ্ঠশিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা শেখৰ আৰু অমৃতপ্ৰভাক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

গুপ্তাংগৰ অত্যধিক দুৰ্গন্ধ ওলায় নেকি? এই ঘৰুৱা উপায়েৰে কৰক দূৰ
ডেংগুৰ কোনটো তিনিটা লক্ষণক আওকাণ কৰা উচিত নহয়?
দেৱী লক্ষ্মীৰ বাহন, সপোনত ফেঁচা দেখাটো কিহৰ ইংগিত জানেনে?
হঠাতে ৰক্তচাপ বৃদ্ধি, এই তিনিটা লক্ষণে দেখা দিলে সাৱধান হওক