চাহৰ সোৱাদৰ কথা এজন চাহৱালাৰ বাহিৰে কোনে জানে? অসমক লৈ কি কি ক’লে মোদীয়ে…

Jhumoir Binandini: সৰুসজাই ষ্টেডিয়ামত আজি অভিলেখ গঢ়িলে ঝুমুৰ নৃত্যই। ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠানত প্ৰায় ৯ হাজাৰ শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিৱেশন কৰি ৰচিলে অভিলেখ।

চাহৰ সোৱাদৰ কথা এজন চাহৱালাৰ বাহিৰে কোনে জানে? অসমক লৈ কি কি কলে মোদীয়ে...

ঝুমইৰ বিনন্দিনী

Updated On: 

25 Feb 2025 | 11:26 AM

সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ গঢ়িলে ঝুমুৰ নৃত্যই। ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠানক ৯০০০ ৰো অধিক শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিৱেশন কৰি ৰচিলে বিশ্ব অভিলেখ। ২৪ ফেব্ৰুৱাৰীৰ এই ঐতিহাসিক ক্ষণ ৰচনা কৰাৰ সময়ত সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,  বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬৪ গৰাকী ৰাষ্ট্ৰদূত, ৰাজ্য চৰকাৰৰ নেতা মন্ত্ৰীৰ লগতে সাধাৰণত জনতা।

শিল্পীসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰা আগতে জনসভা সম্বোধন কৰি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমীয়াত ভাষণৰ আৰম্ভণি কৰি মোদীয়ে কয় য়ে, মোৰ ভাইভনীসকল আপোনালোকৰ কি খবৰ? আপোনালোক আটাইকে মই আন্তৰিক ওলগ জনাইছো। আজি মই ইয়াত উপস্থিত হৈ যথেষ্ঠ আনন্দিত হৈছো।

ইয়াৰ পাছত মোদীয়ে কয় যে, আজি অসমত এক অদ্ভুত পৰিৱেশৰ সৃষ্টি হৈছে। উৎসাহ, উল্লাস, উদ্দীপনাৰে সম্পূৰ্ণ ষ্টেডিয়াম মুখৰিত হৈ আছে। ঝুমুৰ নৃত্য শিল্পীসকলৰ প্ৰস্তুতি সকলোফালে দেখিবলৈ পোৱা হৈছে। এই প্ৰস্তুতিত চাহ বাগানৰ সুগন্ধি আৰু সুন্দৰতাও মিহলি হৈ আছে। চাহৰ গোন্ধ আৰু চাহৰ ৰঙৰ বিষয়ে এজন চাহৱালাৰ বাহিৰে কোনে জানে বুলি কয় মোদীয়ে। লগতে কয় যে, চাহ বাগান আৰু ইয়াৰ সংস্কৃতিৰ লগত আপোনালোকৰ যেনেকৈ সম্পৰ্ক আছে, তেনেকৈ মোৰো এক বিশেষ সম্পৰ্ক আছে। যেতিয়া ইমান সংখ্যক শিল্পীয়ে ঝুমুৰ পৰিৱেশন কৰিব তেতিয়া ই নিজৰ মাজতে এক ৰেকৰ্ড হৈ পৰিব।

মোদীয়ে কয়, ইয়াৰ পূৰ্বে ২০২৩ চনত যেতিয়া মই অসমলৈ আহিছিলো তেতিয়া ১১,০০০ তকৈ অধিক শিল্পীয়ে একেলগে বিহু নৃত্য পৰিৱেশন কৰি অভিলেখ গঢ়িছিল। সেই দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰো। আজি পুনৰ তেনে এক দৃশ্যৰ মই অপেক্ষা কৰি আছো। এই সাংস্কৃতিক আয়োজনৰ বাবে মই অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছো।

আজি এই ক্ষণৰ বাবে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক শুভেচ্ছা জনাই মোদীয়ে কয় যে, আজিৰ এই আয়োজনত কেৱল অসমৰ গৌৰৱ জড়িত হৈ থকা নাই। ই ভাৰতৰ মহান বিবিধতাকো প্ৰতিফলিত কৰিছে। মই জানিব পাৰিছো যে আজি এই অনুষ্ঠানত ৬০ ৰো অধিক ৰাষ্ট্ৰদূত উপস্থিত আছে। এটা সময় আছিল যেতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চল উপেক্ষিত হৈছিল আৰু ইয়াৰ সংস্কৃতিকো গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু এতিয়া এই সংস্কৃিতৰ ব্ৰেণ্ড এম্বেছেদৰ মোদী নিজেই।

কাজিৰঙাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, কাজিৰঙাত কটোৱা, কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাৰ কথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা মইয়েই প্ৰথম প্ৰধানমন্ত্ৰী। আনকি কিছুদিন পূৰ্বে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদাও লাভ কৰিছে।  অসমৰ মানুহে এই মৰ্যদাৰ বাবে দশক ধৰি অপেক্ষা কৰি আছিল। ঠিক এইদৰে চৰাইদেউ মৈদামক ইউনিস্কোৰ ৱাৰ্ল্ড হেৰিটেজৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এই ক্ষেত্ৰত বিজেপিৰ ভূমিকা অধিক। অসমৰ গৌৰৱ লাচিত বৰফুকনে মোগলৰ পৰা অসমৰ সংস্কৃতি ৰক্ষা কৰিছিল আৰু সেই মহান বীৰৰ ৪০০ সংখ্যক জন্মজয়ন্তী আমি ধুমধামেৰে উদযাপন কৰিছিলো। ইমানেই নহয়, গণতন্ত্ৰ দিৱসৰ দিনাও লাচিত বৰফুকনে স্থান পাইছিল।

আদিবাসীসকলৰ উন্নয়নৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, দেশত আদিবাসী নায়ক নায়িকাসকলৰ স্মৃতি সুৰক্ষিত কৰি ৰাখিবলৈ মিউজিয়াত স্থাপন কৰা হ’ব। বিজেপি চৰকাৰে যিদৰে দেশৰ বিকাশ কৰিছে তেনেকৈ চাহ কৰ্মীসকলৰ সেৱাও কৰিছে। চাহ কৰ্মীসকলক বোনাচ দিয়াৰ ব্যৱস্থা আছে,  বাগানত কাম কৰা মহিলাসকলক গৰ্ভৱস্থাত ১৫ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা আছে।  ইয়াৰোপৰি অসমত চাহ বাগিচাৰ লোকৰ ভাল স্বাস্থ্যৰ বাবে ৩৫০ তকৈ অধিক আয়ুস্মান আৰোগ্যৰ নিৰ্মাণ চলি আছে। বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে।

চাহ বাহিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণ ৰখাৰ কথা উল্লেখ কৰি কয় যে, চাহ ব্যৱসায়ৰ উত্তৰন তথা বিকাশ আহিলগীয়া সময়ত অসমৰ বিকাশত এক নতুন গতি প্ৰদান কৰিব। উত্তৰ পূৰ্বাঞ্চলত বিকাশে নতুন গতি চুব। শেষত মোদীয়ে কয় যে, আজিৰ এই অনুষ্ঠানক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিব আৰু ইয়াক উপভোগ কৰিবলৈ সকলোৱে অপেক্ষা কৰি আছে।

 

অন্য খবৰ পঢ়কঃ ঝুমইৰ বিনন্দিনীঃ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৯০০০ শিল্পীয়ে আজি পৰিৱেশন কৰিব ঝুমুৰ নৃত্য…

Related Stories
বিশ্ব দৰবাৰলৈ বাগুৰুম্বা! আজি সৰুসজাইত ১০ হাজাৰ বড়ো শিল্পীয়ে পৰম্পৰাগত নৃত্যৰে গঢ়িব বিশ্ব অভিলেখ
Morning Headline: আজি বাগুৰুম্বাৰে ইতিহাস ৰচিব অসমে, লগতে চাওক দেশৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ
ৰাজ্য চৰকাৰৰ শিল্পী বঁটা ২০২৬ ঘোষণা, প্ৰয়াত সমৰ হাজৰিকাৰ লগতে ধনদা পাঠকলৈ এই বৰ্ষৰ শিল্পী বঁটা
প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ পৰা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যলৈ, চাওক দিনটোৰ চৰ্চিত খবৰসমূহ
প্ৰশাসনিক মুৰব্বী হওক সংখ্যালঘু ল’ৰা-ছোৱালী, কিডনী বেছি হ’লেও সন্তানক পঢ়ুৱাবলৈ আহ্বান ৰেজাউল কৰিম সৰকাৰৰ
বিষয় জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰে কয় এটা…অসম চৰকাৰে কয় বেলেগ এটা! গৌৰৱ গগৈয়ে বিচাৰিলে কেন্দ্ৰৰ হস্তক্ষেপ
ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি