ৰাজ্যৰ জল পৰিবহণ খণ্ডত নতুন সংযোজন, শীঘ্ৰে সম্পূৰ্ণ হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল

প্ৰথম অৱস্থাত ৫টাকৈ ঘাটলৈ চলিব জাহাজ। এই টাৰ্মিনেলটোৰ এতিয়ালৈ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই টাৰ্মিনেলটো জুন মাহত সম্পূৰ্ণ হ'ব। ইয়াৰ পিছত গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ডৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰিব।

ৰাজ্যৰ জল পৰিবহণ খণ্ডত নতুন সংযোজন, শীঘ্ৰে সম্পূৰ্ণ হব গুৱাহাটী গেটৱে টাৰ্মিনেল

ৰাজ্যৰ জল পৰিবহণ খণ্ডই পাব নতুন দিগন্ত

Published: 

16 May 2024 | 12:46 PM

ৰাজ্যৰ জল পৰিবহণ খণ্ডত অচিৰেই নতুন সংযোজন। গুৱাহাটীত স্থাপন হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল। এয়া দেশৰ ভিতৰত প্ৰথমটো প্ৰতিটো ঋতুত খোলা থকা টাৰ্মিনেল। সামাজিক মাধ্য়মত এই টাৰ্মিনেলৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেহে সম্ভৱ হৈছে বুলি xত লিখিছে মন্ত্ৰীগৰাকীয়ে।

প্ৰথম অৱস্থাত ৫টাকৈ ঘাটলৈ চলিব জাহাজ। এই টাৰ্মিনেলটোৰ এতিয়ালৈ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই টাৰ্মিনেলটো জুন মাহত সম্পূৰ্ণ হ’ব। ইয়াৰ পিছত গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ডৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰিব।

ফাঁচী বজাৰৰ ৰজাদুৱাৰ ঘাটৰ এই টাৰ্মিনেলটো ২০২৪ বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা। মুঠ ৩০৪.৯৫কোটি টকা ব্যয়েৰে বিশ্ব বেংকৰ সহায়ত নিৰ্মাণ কৰি থকা এই টাৰ্মিনেলে জল পৰিবহণক দিব নতুন দিগন্ত। এই বিশেষ টাৰ্মিনেলত থাকিব পাৰ্কিং, কেণ্টিন লগতে জাহাজ কন্ট্ৰোল ৰূম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব