ৰাজ্যৰ জল পৰিবহণ খণ্ডত নতুন সংযোজন, শীঘ্ৰে সম্পূৰ্ণ হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল

প্ৰথম অৱস্থাত ৫টাকৈ ঘাটলৈ চলিব জাহাজ। এই টাৰ্মিনেলটোৰ এতিয়ালৈ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই টাৰ্মিনেলটো জুন মাহত সম্পূৰ্ণ হ'ব। ইয়াৰ পিছত গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ডৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰিব।

ৰাজ্যৰ জল পৰিবহণ খণ্ডত নতুন সংযোজন, শীঘ্ৰে সম্পূৰ্ণ হব গুৱাহাটী গেটৱে টাৰ্মিনেল

ৰাজ্যৰ জল পৰিবহণ খণ্ডই পাব নতুন দিগন্ত

Published: 

16 May 2024 12:46 PM

ৰাজ্যৰ জল পৰিবহণ খণ্ডত অচিৰেই নতুন সংযোজন। গুৱাহাটীত স্থাপন হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল। এয়া দেশৰ ভিতৰত প্ৰথমটো প্ৰতিটো ঋতুত খোলা থকা টাৰ্মিনেল। সামাজিক মাধ্য়মত এই টাৰ্মিনেলৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে পীযুষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেহে সম্ভৱ হৈছে বুলি xত লিখিছে মন্ত্ৰীগৰাকীয়ে।

প্ৰথম অৱস্থাত ৫টাকৈ ঘাটলৈ চলিব জাহাজ। এই টাৰ্মিনেলটোৰ এতিয়ালৈ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই টাৰ্মিনেলটো জুন মাহত সম্পূৰ্ণ হ’ব। ইয়াৰ পিছত গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু মধ্যমখণ্ডৰ যাত্ৰীসকলে সুকলমে যাত্ৰা কৰিব পাৰিব।

ফাঁচী বজাৰৰ ৰজাদুৱাৰ ঘাটৰ এই টাৰ্মিনেলটো ২০২৪ বৰ্ষৰ জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা। মুঠ ৩০৪.৯৫কোটি টকা ব্যয়েৰে বিশ্ব বেংকৰ সহায়ত নিৰ্মাণ কৰি থকা এই টাৰ্মিনেলে জল পৰিবহণক দিব নতুন দিগন্ত। এই বিশেষ টাৰ্মিনেলত থাকিব পাৰ্কিং, কেণ্টিন লগতে জাহাজ কন্ট্ৰোল ৰূম।

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...