ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ

ভুৱা বাতৰি প্ৰত্যাখ্যান কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে সকলোকে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে । সামাজিক মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ।

ভাৰত-পাকিস্তান উত্তেজনাৰ মাজতে ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

09 May 2025 14:42 PM

বৃদ্ধি পাইছে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা । ইয়াৰ মাজতে ভুৱা বাতৰি প্ৰত্যাখ্যান কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে সকলোকে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে । সামাজিক মাধ্যমৰ জৰিয়তে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত UNITED হৈ আছে । গতিকে দায়িত্বশীল নাগৰিক হিচাপে আমি ন্যস্ত স্বাৰ্থৰ পৰা ভুৱা বাতৰি প্ৰত্যাখ্যান কৰোঁ আহক । ইয়াৰ লগতে আমাৰ সশস্ত্ৰ বাহিনীক উপলুঙা কৰিবলৈ চেষ্টা কৰাসকলক REPORT কৰক । তদুপৰি চৰকাৰী নিৰ্দেশনা মানি চলক। জয় হিন্দ ।”

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনাবাহিনীৰ ব্ৰিগেডত আত্মঘাতী আক্ৰমণ আৰু পঞ্জাৱৰ জলন্ধৰত ড্ৰোন আক্ৰমণৰ দাবীক কিছুমান ছ’চিয়েল মিডিয়া হেণ্ডলে প্ৰচাৰ কৰা “ভুৱা বাতৰি” বুলি প্ৰত্যাখ্যান কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ (পিআইবি) ফেক্ট চেক ইউনিটে জম্মু-কাশ্মীৰৰ কোনো সেনা চাউনীত কোনো ধৰণৰ আত্মঘাতী আক্ৰমণ হোৱা নাই বুলি ধৰা পেলাইছে । আনহাতে জলন্ধৰত ড্ৰোন আক্ৰমণ বুলি দাবী কৰা ভিডিঅ’টো ফাৰ্মৰ জুই আছিল বুলি কোৱা হৈছে ।

ইয়াৰ লগতে ভুল তথ্য প্ৰচাৰ ৰোধ আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি পিআইবিয়ে নাগৰিকসকলক কেৱল পৰীক্ষিত উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু কোনো অসত্য বিষয়বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?