আগন্তুক দুই-তিনিদিন ৰাজ্যত দেখা যাব বতৰৰ তাণ্ডৱ, জনসাধাৰণলৈ এনে আহ্বান জনালে প্ৰশাসনে…

বতৰৰ এই ৰুক্ষ অৱস্থাৰ পৰা সহজেই ৰক্ষা নাপাব ৰাজ্যবাসীয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।

আগন্তুক দুই-তিনিদিন ৰাজ্যত দেখা যাব বতৰৰ তাণ্ডৱ, জনসাধাৰণলৈ এনে আহ্বান জনালে প্ৰশাসনে...

ৰাজ্যত বৰষুণৰ তাণ্ডৱ (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

20 May 2025 18:34 PM

শেহতীয়া কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণে বাৰুকৈয়ে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক। বৰষুণৰ প্ৰকোপত মহাসমুদ্ৰত পৰিণত হৈছে মহানগৰী গুৱাহাটী। পিছে বতৰৰ এই ৰুক্ষ অৱস্থাৰ পৰা সহজেই ৰক্ষা নাপাব ৰাজ্যবাসীয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ প্ৰকাশ কৰা তথ্য অনুসৰি, আগন্তুক ২-৩ দিন ধৰি অসমত ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব। আজি সংগৃহীত বৰষুণৰ তথ্য অনুসৰি, গুৱাহাটী আৰু ইয়াৰ দাতি-কাষৰীয়া অঞ্চলত ইতিমধ্যে যথেষ্ট পৰিমাণৰ বৰষুণ পৰিছে।

এই তথ্য মতে গুৱাহাটী অট’মেটিক ৱেডাৰ ষ্টেচন (AWS) ত ১১২.৫ মি মি, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰছিটি-হৰটিকালচাৰেল ৰিছাৰ্চ চেণ্টাৰ (AAU-HRS)ত ১১৫ মি মি, মিৰ্জা চক্ৰ কাৰ্যালয়ত ১১০ মি মি আৰু ইনষ্টিউট অৱ এডভান্সড ষ্টাডী ইন চাইঞ্চ এণ্ড টেকন’লজি (IASST)-কামৰূপত ১০০ মি মি বৰষুণ পৰাৰ তথ্য পোৱা গৈছে। এই তথ্যসমূহে ৰাজ্যজুৰি বিস্তৃত আৰু মুষলধাৰ বৰষুণৰ সক্ৰিয়তা চিহ্নিত কৰিছে।

বতৰৰ এই অৱস্থা আগন্তুক দুই তিনিদিনলৈ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে। বতৰৰ ধৰণ অনুসৰি, অসমৰ পশ্চিম আৰু দক্ষিণ অংশত অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান অঞ্চলত বৰষুণৰ পৰিমাণ ২০০ মিলি মিটাৰলৈকে পৰিব পাৰে। বিশেষকৈ গুৱাহাটী চহৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিভাগে।

বৰষুণৰ ফলত গুৱাহাটীত আগন্তুক দিনকেইটাত পানী জমা হোৱা, গছ পৰাৰ ঘটনা আৰু কিছু স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলনৰ আশংকা বৃদ্ধি পোৱাৰ উপৰি বাহনৰ গতি বিঘ্নিত হ’ব বুলি অনুমান কৰা হৈছে। এনে অৱস্থাত প্ৰশাসনে সাধাৰণ জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই। প্ৰশাসনে পৰিস্থিতিৰ ওপৰত সততে লক্ষ্য ৰাখিছে আৰু জৰুৰীকালীন সেৱা সক্ৰিয় অৱস্থাত ৰখা হৈছে।

প্ৰশাসনৰ তৰফৰ পৰা দৈনিক যাত্ৰী তথা দূৰণিবটীয়া যাত্ৰীসকলক তীব্ৰ বৰষুণৰ সময়চোৱাত অপ্রয়োজনীয় যাতায়াত এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে। নিন্মভূমি আৰু পাহাৰৰ দাতি-কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বৰষুণ আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে।

নিজৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই দীঘলীয়া বৰষুণৰ সময়চোৱাত বিভাগীয়ভাৱে দিয়া বতৰৰ বতৰাৰ প্ৰতি দৃষ্টি ৰখাৰ লগতে আৰু স্থানীয় প্ৰশাসনৰ পৰামৰ্শ অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে।

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...