নিশা গোৱালপাৰাৰ দুৰ্গা মন্দিৰত মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰিলে দুৰ্বৃত্তই, এজনক গ্ৰেপ্তাৰ…
গোৱালপাৰা সেই দুৰ্গা মন্দিৰত প্ৰৱেশ কৰি নিশাৰ অন্ধকাৰৰ সুযোগত ৫ টাকৈ দেৱীৰ মূৰ্তি ভাঙি লণ্ড- ভণ্ড কৰা দুৰ্বৃত্তক নিশাই গোৱালপাৰা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তটোৰ নাম চাহাব উদ্দীন আলী (৩১)।

গোৱালপাৰা ভয়ংকৰ ঘটনা
গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু বাংলাবাৰী কালি মন্দিৰত গো-মাংস উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰা বিতৰ্ক মাৰ নৌযাওঁতেই পুনৰ গোৱালপাৰা চহৰত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা দুৰ্গা মন্দিৰত থকা ৫ টাকৈ মূৰ্তি ভাঙি পলায়ন দুৰ্বৃত্তৰ।
গোৱালপাৰা সেই দুৰ্গা মন্দিৰত প্ৰৱেশ কৰি নিশাৰ অন্ধকাৰৰ সুযোগত ৫ টাকৈ দেৱীৰ মূৰ্তি ভাঙি লণ্ড- ভণ্ড কৰা দুৰ্বৃত্তক নিশাই গোৱালপাৰা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তটোৰ নাম চাহাব উদ্দীন আলী (৩১)।
জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ৯:৩০ বজাত এটা দুৰ্বৃত্তই দুৰ্গা মন্দিৰৰ ভিতৰত কোনো নথকাৰ সুযোগত প্ৰৱেশ কৰে। দুৰ্বৃত্তটোৱে দুৰ্গা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি এফালৰ পৰা লক্ষ্মী দেৱীৰ মূৰ্তি সহ ৫ টাকৈ মূৰ্তি ভাঙি লণ্ড-ভণ্ড কৰে। ইয়াৰ পাছতে পলায়ন কৰাৰ সময়তে দুৰ্বৃত্তটোক প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় ব্যক্তিয়ে।
স্থানীয় লোকজনে দুৰ্বৃত্তটোক হাতত ধৰি চিঞৰ বাখৰ কৰাত দুৰ্বৃত্তটোৱে হাতত কামুৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ইফালে, আন্ধাৰৰ বাবে দুৰ্বৃত্তটোক এতিয়াও চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল স্থানীয় লোকজনে। কিন্তু নিশাই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটোক আৰক্ষীয়ে আটক কৰিছে।
লগতে পঢ়ক: Sawan 2025: শাওণ মাহত এইবোৰ বস্তু কেতিয়াও দান নকৰিব, অসন্তুষ্ট হ’ব শিৱ…
ইফালে এনে মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি ঘটনা স্থলীত উপস্থিত হয় শতাধিক স্থানীয় লোক । লোকসকলে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। কিছু সময়ৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
স্থানীয় সংঘঠনৰ এগৰাকী নেতা সংবাদ মাধ্যমৰ আগত কয় যে,”এই দুৰ্গা মন্দিৰটো হৈছে এক ঐতিহাসিক মন্দিৰ। মন্দিৰটোত সংঘটিত ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে ।” হিন্দু-মুছলমানৰ মাজত সংঘাত নাইবা দুয়োটা সম্প্ৰদায়ৰ ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে। ঘটনা আঁৰত যিসকল লোক জড়িত তেওঁলোকৰ বিৰুদ্ধে অহা ২৪ ঘণ্টাৰ ভিতৰত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই স্থানীয় লোকে ।
ইফালে গোৱালপাৰা জিলাৰ অপৰাধ শাখাৰ বিষয়া ঘটনাস্থলী পৰিদৰ্শন কৰি ঘটনাস্থলীৰ পৰা এটা চাৰ্ট আৰু বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুৰ্বৃত্তই ভাঙি পেলোৱা ৫ টাকৈ মূৰ্তিৰ ধ্বংসাৱশেষ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈলৈ যায়। আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক: ২০২৬ ৰ পূৰ্বে ৰঞ্জন দৈমাৰীক মুক্তিৰ দাবী, অমিত শ্বাহক সাক্ষাৎ BTR ৰ প্ৰতিনিধিৰ