১০০ টকাত উজলিল যুৱকৰ ভাগ্য, কোনে কোনে লাভ কৰিলে হাউলী ৰাসৰ ‘বৰঙণি পত্ৰ’ৰ বিলাসী বাহন?

বহু প্ৰতীক্ষাৰ অন্তত আহি গ'ল হাউলী ৰাসৰ বৰঙণি পত্ৰ খেলৰ ফলাফল ঘোষণা। কোনে প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে জানো আহক...

১০০ টকাত উজলিল যুৱকৰ ভাগ্য, কোনে কোনে লাভ কৰিলে হাউলী ৰাসৰ ‘বৰঙণি পত্ৰ’ৰ বিলাসী বাহন?
Updated On: 

20 Nov 2025 12:57 PM

হাউলী ৰাস মহোৎসৱৰ ‘বৰঙণি পত্ৰ’ খেলৰ ফলাফল ঘোষণা। এইবাৰ লটাৰীৰ সলনি অনুষ্ঠিত কৰিছিল ‘বৰঙণি পত্ৰ’। এইবাৰ হাউলীৰ হাউলী ৰাস মহোৎসৱে আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে এই বৰঙণি পত্ৰ’ আগবঢ়াইছি। এই ‘বৰঙণি পত্ৰ’ৰ মূল্য ৰখা হৈছিল ১০০ টকা। বহু প্ৰত্যাশিত এই খেলখনৰ ফলাফল ঘোষণা কৰা হৈছে বুধবাৰে। অর্থাৎ ১৯-১১-২০২৫ তাৰিখ বুধবাৰে অনুষ্ঠিত হয় বিখ্যাত ভাগ্য নিৰ্ণয়ৰ খেলখন।

এই খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিল পুঠিমাৰীৰ এজন যুৱকে। ১০০ টকাত উজলিল পাছপাৰা গাঁওৰ পুলকেশ কাকতিৰ ভাগ্য। হাউলী ৰাসত অনুষ্ঠিত এই খেলত মাত্ৰ এটি টিকট ক্ৰয় কৰি প্ৰথম পুৰস্কাৰ ডিফেণ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজনে।

হাউলী ৰাস মহোৎসৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বৰঙণি পত্ৰ খেলৰ দ্বিতীয় উপহাৰ Toyota Fortuner লাভ কৰিছে ৪৩৩৮৮১ নম্বৰে আৰু তৃতীয় উপহাৰ Toyota Innova Crysta পাইছে ৬১৯৭৩০ নম্বৰে। বৰ্তমানলৈ ব্যক্তি দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই।

উল্লেখ্য যে,  এয়া ৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে অনুষ্ঠিত বৰঙণি পত্ৰ খেলৰ ফলাফল ।

সাৱধান! পাকঘৰৰ এইসমূহ বস্তু হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ, জানক...
কেৱল সুৰা নহয়! এই ৫ বিধ পানীয়ই নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক...
প্ৰিয়জনক জন্মদিনত ভুলতো নিদিব এই উপহাৰ! কিয় জানক...
মহিলাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...