অসমৰ ভৱিষ্যৎ সংকটত, মুছলমানৰ সংখ্যা বৃদ্ধি পাই ১২-১৩ খন জিলাত হিন্দু হৈ পৰিছে সংখ্যালঘুঃ হিমন্ত

যদি ৰাজ্য চৰকাৰ শক্তিশালী নহয় তেন্তে থলুৱা ৰাইজে প্ৰতিটো খোজতে ভাবুকি অনুভৱ কৰিব।  লগতে তেওঁ কয়, মই সূৰ্য্যৰ পোহৰ নহয়, কিন্তু মই মোৰ শেষ নিশ্বাসলৈকে আশাৰ চাকিৰ দৰে থিয় দি থলুৱা লোকৰ স্বাৰ্থ ৰক্ষা কৰিম।

অসমৰ ভৱিষ্যৎ সংকটত, মুছলমানৰ সংখ্যা বৃদ্ধি পাই ১২-১৩ খন জিলাত হিন্দু হৈ পৰিছে সংখ্যালঘুঃ হিমন্ত

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

15 Aug 2024 14:36 PM

খানাপাৰত অনুষ্ঠিত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দেশ বিভাজনৰ পৰা আৰম্ভ কৰি বাংলাদেশী হিন্দু, অসমৰ বিকাশ আদি বিভিন্ন দিশ সামৰি ভাষণ প্ৰদান কৰে। অসমত হিন্দু – মুছলমানৰ জনসংখ্যাৰ মাজত ভাৰসাম্য নাইকীয়া হৈ যোৱা বুলি উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ভৱিষ্যতকলৈও চিন্তা প্ৰকাশ কৰে তেওঁ।

শৰ্মাই কয় যে, অসমৰ ভৱিষ্যত সুৰক্ষিত নহয়। হিন্দু-মুছলমান জনসংখ্যাৰ ভাৰসাম্য দ্ৰুতগতিত নাইকিয়া হৈ গৈছে। জনসংখ্যাৰ ভাৰসাম্য বজাই ৰখাটো অসম আৰু দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে খিলঞ্জীয়া লোকক প্ৰভাৱিত কৰিছে। এই কাৰণেই ১২-১৩খন জিলাত এতিয়া হিন্দু সংখ্যালঘু। যদি ৰাজ্য চৰকাৰ শক্তিশালী নহয় তেন্তে থলুৱা ৰাইজে প্ৰতিটো খোজতে ভাবুকি অনুভৱ কৰিব।  লগতে তেওঁ কয়, মই সূৰ্য্যৰ পোহৰ নহয়, কিন্তু মই মোৰ শেষ নিশ্বাসলৈকে আশাৰ চাকিৰ দৰে থিয় দি থলুৱা লোকৰ স্বাৰ্থ ৰক্ষা কৰিম।

ভাষণৰ মাজতে মুখ্যমন্ত্ৰী শৰ্মাই মুছলিম জনসংখ্যাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, ২০২১ চনত মুছলমান জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে হিন্দু জনসংখ্যা ৫৭ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ লগতে খ্ৰীষ্টান আৰু অন্যান্য সম্প্ৰদায়ো আছে। বিগত বছৰৰ কেইটাৰ প্ৰতি লক্ষ্য কৰিলে গম হোৱা যায় হিন্দু জনসংখ্যা ৬০-৬৫ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্ৰাস পাইছে। এইটো এটা ডাঙৰ চিন্তাৰ বিষয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু আৰু মুছলিম পৰিয়াললৈ পৰিয়াল যোজনাৰ নিয়ম পালন কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈও আহ্বান জনাই তেওঁ। এই সংকটৰ সময়ত জনসংখ্যাৰ ভাৰসাম্য ঘূৰাই অনাৰ বাবে চেষ্টা কৰি থকা বুলি শৰ্মাই কয়। তেওঁ কয়, হিন্দু-মুছলিমৰ মাজত জনসংখ্যাৰ ভাৰসাম্য ৰক্ষা হোৱাতো অতি গুৰুত্বপূৰ্ণ।

 

উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও জনসংখ্যাৰ হিন্দু- মুছলিমৰ জনসংখ্যাক লৈ মত পোষণ কৰিছিল শৰ্মাই। প্ৰায় ১ মাহ পূৰ্বে ঝাৰখণ্ডতো এই বিষয়ত মন্তব্য কৰি শৰ্মাই কৈছিল যে অসমত প্ৰায় ৪০ শতা্ংশ মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। লগতে কৈছিল যে এনে পৰিস্থিতি হৈ থাকিল ২০৪৭ চনৰ ভিতৰত অসমত মুছলিম সংখ্যাগৰিষ্ঠতা হ’ব।  অসমত প্ৰতি ১০ বছৰত ৩০ শতাংশ মুছিলম বৃদ্ধি পাইছে বুলি দাবী কৰি শৰ্মাই এয়া হিন্দুৰ অস্তিত্ব ৰক্ষাৰ যুঁজ বুলি উল্লেখ কৰিছিল ।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey