ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী

সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ISI ৰ আমন্ত্ৰণ মৰ্মে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল। সকলো তথ্য তেওঁৰ হাতত আছে।

ISIৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ, লৈছিল প্ৰশিক্ষণঃ মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ

Updated On: 

19 May 2025 13:48 PM

সাংসদ গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সংযোগ সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই কয় যে, অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টকৈ ক’ব বিচাৰো যে গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণ মৰ্মে পাকিস্তানলৈ গৈছিল। তাৰ তথ্য আমাৰ হাতত আছে। তাত তেওঁ নিশ্চয় প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। নহ’লে আই এছ আইয়ে কিয় মাতিব।

শৰ্মাই লগতে কয় যে, তাত তেওঁ ফুৰিবলৈ যোৱা নাছিল।  পাকিস্তানৰ গৃহ বিভাগৰ চিঠি লাভ কৰাৰ পাছতহে গৈছিল। তেওঁ কোনো সাংস্কৃতিক বিভাগ, বিশ্ববিদ্যালয়, ক্ৰীড়া বিভাগ আদিৰ পৰা আমন্ত্ৰণ পোৱা নাছিল। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণ লাভ কৰিছিল। এয়া কিমান ভয়াবহ হ’ব পাৰে। কিছুমানে ভাবিছে এয়া মুখ চুপতি, কিন্তু এয়া এটি ছিৰায়াছ বিষয়।

তেওঁ আৰু কয়, মই কোনো ল’ৰা-ধেমালী কৰা নাই। ইয়াৰ ওপৰত ডাঙৰ একশ্যন হ’ব। ১০ ছেপ্টেম্বৰত সকলো দেখিলে আপোনালোক নিজেই আচৰিত হৈ পৰিব। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই এনেই কথা নকও।  ১০ ছেপ্টেম্বৰত মই সংবাদ মেল সম্বোধন কৰি সকলো তথ্য ফাদিল কৰিম। কিন্তু আদালতৰ কিছু কাম-কাজৰ বাবে অলপ সময় লাগে। যাৰ বাবে ছেপ্টেম্বৰলৈ সময় লৈছে। তেওঁ লগতে কয়, ইয়াৰ পৰা সাৰি যোৱাৰ উপায় নাই। কিয়নো ই মোৰ বাবে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত বিষয়।

ইয়াৰোপৰি শৰ্মাই কয় যে, বিজেপিৰ মানুহ যদি কোনো পাকিস্তানত গৈছে আমাক নাম দিয়ক আমি তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। অৱশ্যে যদি কোনোৱে খেল, সাংস্কৃতিক কাম-কাজ, দেশৰ কাম, ভাৰত চৰকাৰৰ অনুমতি লৈ গৈছে তেন্তে সেয়া বেলেগ কথা। কিন্তু ৰাষ্ট্ৰৰ কথা বাদ দি কোনো বিজেপি নেতা যদি পাকিস্তানলৈ গৈছে তেন্তে মোক নাম দিব লাগে মই সেই নাম নাড্ডাজীলৈ প্ৰেৰণ কৰিম আৰু তেওঁৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, বিগত কেইটামান মাহ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত বহু ডাঙৰ অভিযোগ উত্থাপন কৰি আহিছে। শৰ্মাই আনকি গৌৰৱ গগৈৰ পত্নীৰো পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল। শৰ্মাই অভিযোগ উত্থাপন কৰিছিল যে, বিয়াৰ ইমান বছৰ পাছতো গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ  কৰা নাই। আনকি গৌৰৱ গগৈৰ পুত্ৰৰ নাগৰিকত্বও ভাৰতীয় নহয়।  ইয়াৰ বিপৰীতে শৰ্মাই এনে অভিযোগসমূহৰ ওপৰত এতিয়ালৈকে স্পষ্টকৈ একো মন্তব্য প্ৰদান কৰা নাই গৌৰৱ গগৈয়ে। গতিকে পৰৱৰ্তী সময়ত কি আৰু নতুন তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয়।

 

 

অন্য খবৰ পঢ়কঃ গৌৰৱ গগৈৰ পাছপোৰ্টত পাকিস্তানৰ ষ্টাম্প! মুখ্যমন্ত্ৰীয়ে ক’লে, এয়া ৰাষ্ট্ৰ বিৰোধী…

আচৰিত! ভাৰতৰ ১০০ টকাৰ মূল্য এইখন দেশত হয় ৩০,০০০...
বাৰে বাৰে মুখত ঘাঁ ওলাই নেকি? ইয়াৰ কাৰণ কি, জানক...
কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে