গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে, গাহৰি পালকসকলৰ বাবে চৰকাৰে আঁচনিহে লৈছে: মুখ্যমন্ত্ৰী

গো-মাংস বন্ধ কৰা কেবিনেটৰ সিদ্ধান্তই একপ্ৰকাৰ জোঁকাৰণি তুলিছে ৰাজ্যত। ইফালে গো-মাংস বন্ধ কৰাৰ পাছত একাংশৰ দাবী মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বন্ধ কৰক গাহৰি মাংস। এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাহে, গাহৰি পালকসকলৰ বাবে চৰকাৰে আঁচনিহে লৈছে: মুখ্যমন্ত্ৰী

গাহৰি মাংস বন্ধ কৰাক লৈ প্ৰতিক্ৰিয়া ব্য়ক্ত মুখ্যমন্ত্ৰীৰ

Updated On: 

07 Dec 2024 18:42 PM

ৰাজ্যৰ বৰ্তমানেও অব্যাহত আছে গো-মাংস বন্ধ কৰাক লৈ প্ৰতিক্ৰিয়া। কোনোবাই যদি সমৰ্থন কৰিছে, কোনোবাই আকৌ বিৰোধীতা কৰিছে। গো-মাংস বন্ধ কৰা কেবিনেটৰ সিদ্ধান্তই একপ্ৰকাৰ জোঁকাৰণি তুলিছে ৰাজ্যত। ইফালে গো-মাংস বন্ধ কৰাৰ পাছত একাংশৰ দাবী মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বন্ধ কৰক গাহৰি মাংস। এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।

গাহৰি মাংস বন্ধ কৰা দাবীক লৈ মুখ্যমন্ত্ৰীয়ে কয়, “গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। গাহৰি পালক সকলৰ বাবে চৰকাৰে আঁচনিহে লৈছে। যাতে এই ব্যৱসায় ভাল হওক। কাৰণ ই এটা অৰ্থনৈতিক বস্তু। কোনোবাই যদি গাহৰি পালন কৰিব বিচাৰে তাৰ বাবে বাজেটত নতুন আঁচনি লোৱা হ’ব। কোনো ধৰ্মক গাহৰিক মা বুলি কোৱা নাই। যদি গাহৰি বন্ধ কৰিব লাগে. ছাগলীও বন্ধ কৰিব লাগিব। এইটো এটা বেলেগ বিতৰ্ক হ’ব। সেইটো ‘ভেগান’ বিতৰ্কলৈ গুচি যাব।”

বুধবাৰে  সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  কয় যে, অসমত এতিয়াৰে পৰা নিষিদ্ধ গো মাংস। কোনো হোটেল, ৰেষ্টুৰেণ্ট অথবা সামাজিক স্থানত নচলিব গো-মাংস। তাৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হয় বিতৰ্ক।  ৰকিবুল হুচেইনৰ বাবে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্নজন বিধায়কে। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি সাংসদ ৰকিবুল হুচেইনৰ প্ৰৱেশ নিষিদ্ধ কৰে ধুবুৰীৰ কলগাছিয়াত ৰাইজে ।

মছজিদ থকা এলেকাত গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী জনাই উজনি অসম মুছলিম কল্যাণ পৰিষদে। তেওঁলোকে কয়,  “মুছলমান বসতিপ্ৰধান অঞ্চলত জনজাতীয় লোকসকলে মুক্তভাৱে গাহৰি মাংস কাটে। গাহৰি মাংস ইছলাম ধৰ্মৰ লোকসকলৰ বাবে নিষিদ্ধ আৰু হাৰাম। মুছলমান লোক বাস কৰা অঞ্চলত গাহৰি মাংস কাটিলে মুছলমান ধৰ্মীয় আৱেগ-অনুভূতিত আঘাত হানে। গাহৰি মাংস কটা কাম বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুৰোধ জনাইছোঁ।”

উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এই দাবীক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় , “গাহৰি নিষিদ্ধ কৰিব নোৱাৰি। গাহৰিক আমি মাতা বুলি নকও, কিন্তু গো মাতা হয়। গাহৰিৰ পূজা কৰা নহয়, কিন্তু সনাতন ধৰ্মত গৰুক পূজা কৰা হয়। গৰু বিহু আছে, গাহৰি বিহু নাই।”

উল্লেখ্য যে,  চামগুৰিৰ বিজেপিৰ জয়ৰ পাছৰ গো-মাংস বিতৰ্কই উত্তপ্ত কৰি তুলিছিল অসমৰ ৰাজনীতি । চামগুৰিত পৰাজয়ৰ পাছতে কংগ্ৰেছ সাংসদ ৰকিবুল হুচেইনে অভিযোগ উত্থাপন কৰি কৈছিল যে গো-মাংস  বিতৰণ কৰি চামগুৰি নিৰ্বাচনত জয়লাভ কৰিছে বিজেপিয়ে। ইয়াৰ পাছতে  ৰকিবুল হুচেইন আৰু ভূপেন বৰাই সন্মতি দিয়ে ৰাজ্যত গো মাংস নিষিদ্ধ কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰিব বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পাছতে কেবিনেটে লোৱা এই সিদ্ধান্তই জোঁকাৰণি তুলিছে সমগ্ৰ ৰাজ্যত।

 

 

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...