চিকিৎসকে বাধা দিয়াৰ পাছত কিয় হৈছিল সাগৰত শ্বুটিং? ৰৈ ৰৈ বিনালে সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে…

Himanta Biswa Sarma: জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে সন্দৰ্ভত বিশেষ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, জুবিনক চিকিৎসকে সাগৰ আৰু জুইৰ পৰা দূৰত থাকিব দিছিল। কিন্তু চিনেমাৰ শ্বুটিং সাগৰত হৈছে।

চিকিৎসকে বাধা দিয়াৰ পাছত কিয় হৈছিল সাগৰত শ্বুটিং? ৰৈ ৰৈ বিনালে সন্দৰ্ভত কি কলে মুখ্যমন্ত্ৰীয়ে...

হিমন্ত-জুবিন

Published: 

08 Dec 2025 10:48 AM

বৰ্তমান সময়তো অসমৰ বিভিন্ন ছবিগৃহত চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’। অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি ৰৈ ৰৈ বিনালে কোটি কোটি টকা উপাৰ্জন কৰিছে। কিন্তু আজিলৈ চিনেমাখন উপভোগ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰ (৭ ডিচেম্বৰ)য়ে এই সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ জুবিনক লৈ বহুদিন আগৰ পৰাই হেতালি খেলা হৈছিল বুলি মত প্ৰকাশ কৰে।

শৰ্মাই কয় যে, ”জুবিনক চিকিৎসকে সাগৰত যাবলৈ বাধা দিছিল। কিন্তু সেইখন চিনেমা সাগৰতে। সেইবাবে মই চাবলৈ যোৱা নাই। জানুৱাৰীত চাম। জীৱিতকালত জুবিনক চিকিৎসকে সাগৰত যাবলৈ বাধা প্ৰদান কৰিছিল। গতিকে চিনেমাখন চোৱাৰ পাছত প্ৰশ্ন আহিব যে কেনেকৈ শ্বুটিং সাগৰত হ’ল? নেমকেয়াৰ হাস্পাতালৰ পৰা কঠোৰভাৱে কৈছিল জুবিনক সাগৰ আৰু জুইৰ পৰা দূৰত থাকিব। কিন্তু প্ৰযোজনে সাগৰত কেনেকৈ নিছে? যেতিয়া মুখ্যমন্ত্ৰীয়ে চিনেমাখন চাব তেতিয়া এইবোৰ ফাইলত লিখিব লাগিব”।

শৰ্মাই আৰু কয়, ”জুবিন গাৰ্গৰ চিনেমা চাবলৈ যোৱা নাই বাবে পোষ্ট মেলনো চাব নাযাও। জুবিনৰ বিষয়টোৰ তদন্তৰ পাছত তেওঁক লৈ কৰা গাফিলতি সন্দৰ্ভতো তদন্ত হ’ব। বহু দিন ধৰি জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলি অহা হৈছে”।

উল্লেখ্য যে, এই ডিচেম্বৰ মাহতেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট দাখিল কৰা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে, জুবিনক এজনে হত্যা কৰিছে আৰু বাকীসকলে সহায় কৰিছে। ইয়াৰ পাছতে আজি শৰ্মাই কৈছে যে, জুবিনক লৈ বহুদিন ধৰি হেতালি খেলা হৈছে। গতিকে এই দিশটোত ৰৈ ৰৈ বিনালেৰ প্ৰযোজকো তদন্তৰ আওতাত আহিব পাৰে। গতিকে পৰৱৰ্তী সময়ত আৰু কি কি তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ বিমানবন্দৰ প্ৰাধিকৰণলৈ ৩ হাজাৰ বিঘা মাটিৰ পৰা বিদ্যালয়ত বাধ্যতামূলক বিষয়লৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…

আলমখি নে আলমখিৰ ৰস ! ছাল, চুলি আৰু হজম শক্তিৰ বাবে কোনটো বেছি উপকাৰী?
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...