কংগ্ৰেছ কেৱল নীলা তেজৰ মানুহক এগ্ৰাধিকাৰ দিয়ে, গৌৰৱে এতিয়া সমগ্ৰ দলটো লৈ ডুবিবঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈয়ে এতিয়া সম্পূৰ্ণ কংগ্ৰেছ লগত লৈ ডুবিব- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এয়াই নহয়, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে কেৱল নীলা তেজৰ মানুহক অগ্ৰাধিকাৰ দিয়ে।

কংগ্ৰেছ কেৱল নীলা তেজৰ মানুহক এগ্ৰাধিকাৰ দিয়ে, গৌৰৱে এতিয়া সমগ্ৰ দলটো লৈ ডুবিবঃ মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা- গৌৰৱ গগৈ

Updated On: 

27 May 2025 | 09:55 AM

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত চলি থকা বাক-বিতণ্ডাৰ মাজতে সোমবাৰে কংগ্ৰেছে সাংসদগৰাকীক এক গুৰু দায়িত্ব অৰ্পন কৰে। AICC য়ে সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে। ইয়াৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অহা ছেপ্টেম্বৰৰ পাছত গৌৰৱ গগৈয়ে কংগ্ৰেছক লৈ ডুবিব।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয় যে, “কংগ্ৰেছৰ গোটেই এপ্ৰ’ছটোৱে প্ৰো-পাকিস্তান। তেওঁলোকৰ ভাৰততকৈ যে পাকিস্তানৰ সৈতে বেছি সম্পৰ্ক সেয়া আকৌ এবাৰ প্ৰমাণ কৰি দিলে। ভূপেন বৰা হওক বা আন কোনোবা, কংগ্ৰেছত কেতিয়াও সৰু ঘৰৰ পৰা ওলোৱা মানুহক নিযুক্তি নিদিয়ে। সেই কথা সভাপতি নিযুক্তিয়ে পুনৰ প্ৰমাণ কৰি দিলে”।

শৰ্মাই লগতে কয় যে, “কেইমাহমান আগতে মই, দিলীপ শইকীয়া আৰু ভূপেন বৰা একেখন বিমানতে গৈ আছিলো। তেতিয়া মই ভূপেন বৰাক কৈছিলো যে আপোনাক এপ্ৰিল,মে’ মাহত আঁতৰাই দিব। এটা সময় থাকে যেতিয়া পাৰ্টি ভাঙিবলৈ ধৰে। তেতিয়া কংগ্ৰেছ সাধাৰণ মানুহক ব্যৱহাৰ কৰে। কিন্তু যেতিয়া নিৰ্বাচনৰ টিকট দিয়াৰ সময় আহে, প্ৰাৰ্থী ঘৰে ঘৰে যোৱা আৰম্ভ কৰে তেতিয়া নীলা মানুহক অগ্ৰাধিকাৰ দিয়ে”।

তেওঁ লগতে কয় যে, ১০ ছেপ্টেম্বৰত আমি তথ্য-প্ৰমাণ দাখিল কৰাৰ পাছত এজন সাংসদ, এজন ব্যক্তি হিচাপে গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিলহেতেন। কিন্তু এতিয়া গৌৰৱে সমগ্ৰ কংগ্ৰেছ দলক লগত লৈ ডুবিব। এয়া আমাৰ বাবে সহজ হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

 

উল্লেখ্য যে, যোৱা কেইটামান মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। শৰ্মাই অভিযোগ কৰিছিল যে, গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈ প্ৰশিক্ষণ লৈ আহিছে। ইমানেই নহয়, গৌৰৱৰ পত্নী, সন্তান ভাৰতীয় নহয়। এই সন্দৰ্ভত সকলো তথ্য প্ৰমাণ তেওঁ অহা ১০ ছেপ্টেম্বৰত প্ৰকাশ কৰিব বুলি কৈছিল।

এই সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও পাকিস্তান ভ্ৰমণক লৈ কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই। ইয়াৰ বিপৰীতে ৰিপুণ বৰাই এক সংবাদ মেল সম্বোধন কৰি স্বীকাৰ কৰে যে, পেচাগত আৰু বিধি সন্মতভাবে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল। লগতে কিছুমান বিশেষ সুবিধাৰ বাবে গৌৰৱৰ সন্তানো ভাৰতীয় নহয়।

গৌৰৱৰ এই বিষয়টোক লৈ চৰ্চা চলি থকাৰ মাজতে সোমবাৰে কংগ্ৰছে গৌৰৱ গগৈৰ হাতত এক গধুৰ দায়িত্ব অৰ্পন কৰে। অৱশ্যে কংগ্ৰেছৰ সভাপতি সন্দৰ্ভত মন্থন যোৱা বছৰৰ পৰাই চলি আছিল। ইয়াকে লৈ কংগ্ৰেছত সৃষ্টি হৈছিল লবীকেন্দ্ৰিক ৰাজনীতি। অৱশেষত সকলো জল্পনা-কল্পনাত মোহৰ লগাই কংগ্ৰেছে গৌৰৱক দায়িত্ব প্ৰদান কৰে।

 

অন্য খবৰ পঢ়কঃ APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব