জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ মুখ্যমন্ত্ৰী

Zubeen Garg Case: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আজি বিধানসভা উত্তাল হৈ পৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। এজনে হত্যা কৰিছিল আৰু বাকীসকলে সহায় কৰিছিল।

জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব-জুবিন গাৰ্গ

Published: 

25 Nov 2025 | 12:38 PM

মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ইয়াৰ আৰম্ভণিতে জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত বিধানসভা উত্তাল হৈ পৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিৰোধিয়ে উদত্ত ভাষণ দিয়াও দেখা যায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত বিশেষ মন্তব্য কৰে। তেওঁ স্পষ্টকৈ কয় যে, জুবিন গাৰ্গক হত্যা কৰা হৈছিল সেই কথা স্পষ্ট। এয়া কোনো অৱহেলা নাছিল। ছাৰ্জশ্বীটত সকলো তথ্য প্ৰকাশ পাব।

শৰ্মাই কয়, “জুবিন গাৰ্গৰ মৃত্যু কোনো অৱহেলাৰ বাবে হোৱা নাই, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। আদালতত বিতৰ্ক হোৱাৰ পাছত অসম আৰক্ষীৰ আবেদনক গ্ৰাহ্য কৰি আদালদে ১০৩ নং ধাৰা অন্তৰ্ভুক্ত কৰিছিল। গতিকে এয়া এক হত্যাকাণ্ড”। ইয়াৰোপৰি শৰ্মাই কয় যে, বিহু কমিটিক নামাতিলে জুবিন গাৰ্গৰ গোচৰৰ তদন্ত আধৰুৱা হৈ ৰ’ব। গতিকে তেওঁলোককো অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰোপৰি শৰ্মাই কয়, “জুবিন গাৰ্গৰ হত্যাত কোনো সন্দেহ নাই। মই আজি সদনতো কৈছো যে হত্যা হৈছে। এজন মানুহে জুবিনক মাৰিছে আৰু বাকীসকলে সহযোগ কৰিছে। জুবিন গাৰ্গৰ হত্যাত ৪-৫ জন লোক জড়িত। জুবিনক লৈ আমি ধেমালি কৰিব বিচৰা নাই, ৰাজনীতি কৰিব বিচৰা নাই”।

লগতে কয়, “৮ ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত এছ আই টিয়ে ছাৰ্জশ্বীট দাখিল কৰিব। তাৰ পাছতেই জুবিনক জীৱিতকালত ব্যৱহাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। যিয়ে জুবিনৰ অন্যায় কৰিছে কোনো সাৰি যাব নোৱাৰে”। উল্লেখ্য যে, বিৰোধিয়ে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ দাবী কৰিছিল। এই সন্দৰ্ভত শৰ্মাই কয় যে, জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ প্ৰস্তাৱ মৰম-সাদৰেৰে প্ৰেৰণ কৰা হ’ব। যেনেকৈ ভূপেন হাজৰিকাক দিয়া হৈছিল।

 

অন্য খবৰ পঢ়কঃ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কণ্ঠস্বৰৰ নমুনা লোৱাৰ নিৰ্দেশ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...