আনিব UCC, বৃদ্ধি হ’ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স! সদনত মুখ্যমন্ত্ৰীয়ে কি কি ক’লে…

Himanta Biswa Sarma On UCC: চলি থকা শীতকালীন অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, পুনৰ মুখ্যমন্ত্ৰী হ'লে তেওঁ সদনত ইউনিফৰ্ম চিভিল কোড আনিব।

আনিব UCC, বৃদ্ধি হব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স! সদনত মুখ্যমন্ত্ৰীয়ে কি কি কলে...

হিমন্ত বিশ্ব শৰ্মা

Published: 

28 Nov 2025 | 10:31 AM

বৃহস্পতিবাৰ (২৭নৱেম্বৰ)য়ে অসম বিধানসভাত গৃহীত হয় বহুবিবাহ বিধেয়ক ২০২৫। ইয়াৰ পাছতে বিধেয়কখন অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত ই আইনলৈ পৰিণত হ’ব। এই বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিভিন্ন কটাক্ষমূলক মন্তব্য কৰিছে। একাংশই কৈছে যে এই বিধেয়ক মুছলমান বিদ্বেষী। কিন্তু এই বিধেয়ক নাৰীৰ স্বাৰ্থত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে।

ইয়াৰোপৰি কালি বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, “যদি পুনৰ চৰকাৰ গঠন কৰো তেন্তে প্ৰথম ইউনিফৰ্ম চিভিল কোড (UCC) আনিম। মই প্ৰতিশ্ৰুতি দিছো, যদি অসমৰ মুখ্যমন্ত্ৰী হৈ উভতিব পাৰো তেন্তে অসমৰ সদনত ইউ চি চি আনিম। সদনৰ প্ৰথম অধিৱেশনতে ইউ চি চি আহিব”।

পাছত অখিল গগৈক কটাক্ষ কৰি শৰ্মাই কয় যে, “এতিয়া অখিল গগৈৰ দায়িত্ব বাঢ়িব। মোক ৰখোৱাৰ বাবে তেওঁ আৰু অধিক কষ্ট কৰিব লাগিব। কিন্তু যদি ৰখাব নোৱাৰে তেন্তে UCC আনিমেই”।

 

ইয়াৰোপৰি শৰ্মাই মহিলাসকলৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে, যদি ভগৱান, আল্লা, যীচুৱে শক্তি দিয়ে তেন্তে অহাবাৰ মুখ্যমন্ত্ৰী হৈ অহাৰ পাছত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ২১ বছৰলৈ বৃদ্ধি কৰিম। ইয়াৰোপৰি শৰ্মাই কয় যে, হঠাতে কোনোৱে তালাক দিব নোৱাৰে। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত সম অধিকাৰ থাকিব, সকলো ক্ষেত্ৰতে নাৰী-পুৰুষৰ সম অধিকাৰ থাকিব।

উল্লেখ্য যে, বিগত সময়চোৱাত নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে অসম চৰকাৰে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাল্য বিবাহ ৰোধ, বহুবিবাহ নিষিদ্ধ কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে শৰ্মাই স্পষ্ট কৰি দিছে যে তেওঁ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হলে অসমত UCC আহিব আৰু যুৱতীৰ বিয়াৰ ন্যূনতম বয়স ২১ লৈ বৃদ্ধি কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃবহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো…

নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি