৩০,০০০মানুহে ঘেৰি আছে ১০০ঘৰ সনাতনীক! কিন্তু কংগ্ৰেছে উচ্ছেদৰ বাবে শোক প্ৰকাশ কৰি আছেঃ মুখ্যমন্ত্ৰী
অসমৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে কংগ্ৰেছে শোক প্ৰকাশ কৰি আছে।

হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ সন্দৰ্ভত মত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, উচ্ছেদ কৰা অনুপ্ৰৱেশকাৰীক লৈ শোক প্ৰকাশ কৰি আছে কংগ্ৰেছে। ইয়াৰোপৰি শৰ্মাই খিলঞ্জীয়াৰ বন্দুকৰ প্ৰয়োজনীয়তাৰ ওপৰতো মত প্ৰকাশ কৰে। তেওঁ কয় যে, আমাক বন্দুকো লাগিব, মাটিও লাগিব। অৱশ্যে এই সকলোবোৰ আইনৰ মাজেৰে হব।
এই সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয় যে, “গৌৰৱ গগৈ বা অখিল গগৈৰ দৃষ্টিভংগী বেলেগ। কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণত সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ সমষ্টি হেৰুৱাইছে, মাটি হেৰুৱাইছো, জাতি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ আৰু অখিল গগৈৰ উত্তৰ দি আছিল। উৰিয়ামঘাটত অবৈধভাৱে থকা ১০,০০০ মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়া খিলঞ্জীয়া মানুহে বিচৰা ৰায়দান প্ৰতিফলতি হ’লহেতেন নে এই সন্দেহযুক্ত লোকে দিয়া ভোটৰ জৰিয়তে খিলঞ্জীয়াই অধিকাৰ হেৰুৱালেহেতেন”?
ইয়াৰোপৰি দুখীয়া মানুহৰ ওচৰত ২০০-৩০০ বিঘা মাটি, ৯-১০টা ফিচাৰী, ৩ মহলীয়া বিল্ডিং কেনেকৈ থাকিব পাৰে বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে, বেদখল কৰি উচ্ছেদ কৰা অনুপ্ৰৱেশকাৰীক লৈ শোক প্ৰকাশ কৰিছে কংগ্ৰেছে। ৩০ একৰ মাটি দখল কৰা এই লোকসকলে আমাৰ সংস্কৃতি সলনি কৰিবলৈ চেষ্টা কৰিছিল। এই মানুহবোৰ কেনেকৈ দৰিদ্ৰ হৈ পৰিল?
अतिक्रमण में निकाले गए घुसपैठियों के लिए कांग्रेस मातम मना रही है। ये लोग, जिन्होंने 30 एकड़ ज़मीन पर क़ब्ज़ा कर रखा था, हमारी संस्कृति को बदलने का प्रयास कर रहे थे। भला ये लोग ग़रीब कैसे हुए? pic.twitter.com/zJItfQNRTA
— Himanta Biswa Sarma (@himantabiswa) August 10, 2025
ইয়াৰোপৰি খিলঞ্জীয়াক বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া সন্দৰ্ভত শৰ্মাই কয় যে,” বন্দুক লাগে। দক্ষিণ শালমাৰা, মানকাচাৰ, বাঘমৰা আদিত নহ’লে মানুহ কেনেকৈ থাকিব। ২০-২৫ হাজাৰ মানুহে ঘেৰি আছে আৰু মাজত খিলঞ্জীয়া মানুহে এখন সত্ৰ লৈ বহি আছে। গতিকে আমাক বন্দুকো লাগিব, মাটিও লাগিব আৰু অধিকাৰো লাগিব”। অৱশ্যে শৰ্মাই কয় যে,এই সকলোবোৰ আইনৰ মাজেৰে হ’ব লাগিব।
তেওঁ কয় যে, “অসমৰ কিছুমান জিলাত এখন গাঁৱৰ ৩০ হাজাৰ মানুহৰ মাজত মাত্ৰ ১০০ জন সনাতন ধৰ্মৰ লোকে বাস কৰে। আইনী প্ৰক্ৰিয়াৰ অধীনত এনে পৰিয়ালে ইচ্ছা কৰিলে আৰ্মছ লাইচেন্স লাভ কৰিব পাৰে। সনাতন ধৰ্ম ৰক্ষা কৰাটো আমাৰ কৰ্তব্য”।
উল্লেখ্য যে, পূৰ্বৰে পৰা কংগ্ৰেছকে ধৰি বহু বিৰোধী দলে চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰি আহিছে। কিছুদিন পূৰ্বে এ আই ইউ ডি এফে অভিযোগ কৰিছিল যে, অসমৰ আইন-শৃংখলাৰ পৰিস্থিতি “অৱনতি ঘটিছে” আৰু মুছলমানক “টাৰ্গেট” কৰা হৈছে। এনে পৰিস্থিতিত দলটোৱে অসমত ৰাষ্ট্ৰপতি শাসন দাবী কৰিছে। ANI ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এআইইউডিএফৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে অসমত মুছলমান লোকসকলক টাৰ্গেট কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ লগতে কৈছিল যে, ১৯৭১ চনৰ পিছত এজনো বাংলাদেশী মুছলমান অসমত প্ৰৱেশ কৰা নাছিল।
অৱশ্যে বিৰোধী দলসমূহৰ বিৰোধিতাৰ পাছতে চৰকাৰে উচ্ছেদ চলাই আছে। পৰৱৰ্তী সময়ত আৰু বিভিন্ন ঠাইত উচ্ছেদ হব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অন্য খবৰ পঢ়কঃ বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, পৰিচালক হেমন্ত দত্তৰ দেহাৱসান, আধৰুৱা হৈ ৰ’ল দুটাকৈ কাম…