দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাৰ নৱম স্থানত অসমৰ মুখ্যমন্ত্ৰী, সম্পত্তিৰ পৰিমাণ কিমান?

অসমৰ মুখ্যমন্ত্ৰী সম্পত্তিৰ পৰিমাণ কিমান জানেনে? কিমান ধনী তেওঁ? এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ভাৰতৰ মুখ্যমন্ত্ৰী সকলৰ ভিতৰত কিমান ধনী ।

দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাৰ নৱম স্থানত অসমৰ মুখ্যমন্ত্ৰী, সম্পত্তিৰ পৰিমাণ কিমান?

হিমন্ত বিশ্ব শৰ্মা

Published: 

11 Oct 2025 19:29 PM

“চৰকাৰী দৰমহাৰ বাহিৰে মোৰ ১ টকাও সম্পত্তি নাই। পত্নীয়ে যি উপাৰ্জন কৰিছে সেয়া কাম কৰি কৰিছে।” শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্ন উত্তৰত এই মন্তব্যৰে সম্পত্তিৰ সন্দৰ্ভত স্পষ্ট বাৰ্তা দিছিল ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান ধনী? তেওঁৰ সম্পত্তিৰ পৰিমাণ কিমান?

শেহতীয়াকৈ প্ৰতিদিন টাইমে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই দাখিল কৰা শপতনামা অনুসৰি তেওঁ ঘোষিত উপাৰ্জন আছিল ১,৭২,৮৯,৩৫৪ টকাৰ বিপৰীত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১৪.৫০ কোটি টকা উপাৰ্জন কৰে।

কিন্তু শেহতীয়াকৈ ২০২৫ চনৰ আগষ্ট মাহত প্ৰকাশিত এডিআৰৰ প্ৰতিবেদনে ইয়াৰ বিপৰীত ছবি দাঙি ধৰিছে। প্ৰতিবেদনত দেখা গৈছে যে, ভাৰতত মুখ্যমন্ত্ৰীসকলৰ গড় আয় ১৩,৩৪,৭৩৮ টকা, আনহাতে তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ ১,৬৩২ কোটি টকা।

ইফালে, দেখা গৈছে যে, দেশৰ শীৰ্ষ ১০ গৰাকী ধনী মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবেদনত ২০২৫ চনত ভাৰতৰ শীৰ্ষ ১০ গৰাকী ধনী মুখ্যমন্ত্ৰীৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নৱম স্থান দিয়া হৈছে। কোৱা হৈছে যে,তেওঁৰ মুঠ সম্পত্তি ১৭.২৭ কোটি টকাতকৈ অধিক। প্ৰতিবেদনত দেখা গৈছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি হৈছে-১৭,২৭,৬৫,১৬২ কোটি টকা।

লগতে পঢ়ক: চৰকাৰী দৰমহাৰ বাহিৰে মোৰ কোনো সম্পত্তি নাই, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক